অজিত ডোভালৰ ডাঙৰ বক্তব্য
অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা NSA অজিত ডোভালে এটা ডাঙৰ বক্তব্য কৰিছে। এন এছ এ ডোভালে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ কোনো লোকচান হোৱা নাছিল।
ডোভালে কয় যে বিদেশী সংবাদ মাধ্যমে ইচ্ছাকৃতভাৱে ভুৱা বাতৰি প্ৰচাৰ কৰিছে কাৰণ ভাৰতৰ লোকচানৰ এখনো ফটো কাৰো হাতত নাই। আই আই টি মাদ্ৰাজৰ ৬২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি এই কথা কয় ডোভালে।
অনুষ্ঠানত ভাষণ দি অজিত ডোভালে কয়- ‘আমি নিজাকৈ থলুৱা প্ৰযুক্তি বিকশিত কৰিব লাগিব। ইয়াত সেন্দুৰৰ কথা কোৱা হৈছিল। আমি গৌৰৱান্বিত যে তাত কিমান স্বদেশী সামগ্ৰী আছিল’।
‘আমি সমগ্ৰ পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱাৰ সিদ্ধান্ত লৈছিলো। এইবোৰ সীমান্ত অঞ্চলত নাছিল। আমি কোনো লক্ষ্য হেৰুওৱা নাছিলো’।
” ইয়াৰ বাহিৰে আমি আন ক’তো টাৰ্গেট কৰা নাছিলো।আমাৰ লক্ষ্য ইমানেই সঠিক আছিল যে আমি গম পাইছিলোঁ কোন ক’ত আছে। গোটেই অপাৰেচনটোত মাত্ৰ ২৩ মিনিট সময় লাগিছিল।”
তেওঁ লগতে কয়, “বিদেশী সংবাদ মাধ্যমত বহু কথা কোৱা হৈছিল। পাকিস্তানে এই কাম কৰিলে, সেইটো কৰিলে।মোক এখনো ছবি দেখুৱাব পাৰে”।
“বৰ্তমান উপগ্ৰহৰ যুগ, মোক এখন মাত্ৰ ছবি দেখুৱাওক য’ত ভাৰতৰ কিবা ক্ষতি হৈছে। বিদেশী সংবাদ মাধ্যমে কয় যে পাকিস্তানে এই কৰিলে ,সেইটো কৰিলে”।
” আপুনি মোক এখন ছবিও দেখুৱাওক য’ত যিকোনো ভাৰতীয় (গাঁথনি) ক্ষতিগ্ৰস্ত হৈছে, আনকি এটা গিলাচও যদি ভাঙিছে। ফটোৰ আধাৰত বহিঃৰাজ্যৰ সংবাদ মাধ্যমে যি সম্প্ৰচাৰ কৰিছিল সেয়া সকলো মিছা”।
লগতে পঢ়ক: ১৪ জুলাইত মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হ’ব ড্ৰেগন কেপচুল; শীঘ্ৰেই পৃথিৱীলৈ আহিব শুভাংশু শুক্লা