জনসাধাৰণৰ সন্মুখত আয়াতুল্লা আলী খামেইনী
ইৰাণ-ইজৰাইল যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত উপস্থিত হৈছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনী।
তেওঁক চাবলৈ বিপুল জনসমাগম হয়।শনিবাৰে আছুৰাৰ প্ৰাকক্ষণত আয়োজন কৰা শোক অনুষ্ঠানত অংশগ্ৰহণ কৰে আয়াতুল্লা আলী খামেইনীয়ে।
শনিবাৰে ইৰাণৰ সৰ্বোচ্চ নেতা গৰাকীয়ে শেহতীয়াকৈ নিজৰ দেশে ইজৰাইলৰ সৈতে ১২ দিনীয়া যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয়।
তেওঁ তেহৰাণত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল।এটা ভিডিঅ’ত ৮৬ বছৰীয়া খামেইনীক মছজিদত মানুহক সম্ভাষণ জনোৱা আৰু উল্লাস কৰা দেখা গৈছিল।
দৰাচলতে উপাসকসকলে ইমাম হুছেইনৰ শ্বহীদ বৰ্ষপূৰ্তি উদযাপন কৰে। ছিয়া মুছলমানৰ বাবে ই এটা গুৰুত্বপূৰ্ণ দিন।৮৬ বছৰীয়া খামেইনীক ক’লা কাপোৰ পিন্ধি মঞ্চত দেখা গৈছিল।সন্মুখত থিয় হৈ থকা ৰাইজে হাত দাঙি শ্লোগান দি থকা দেখা গৈছিল।
তেওঁলোকে কৈছিল যে-“আমাৰ নেতাৰ বাবে আমাৰ শিৰাত তেজ আছে!”এই ক্লিপটো ইছলামিক গণৰাজ্যৰ প্ৰতিষ্ঠাপকৰ নামেৰে নামাকৰণ কৰা মধ্য তেহৰাণৰ ইমাম খোমেইনী মছজিদত চিত্ৰগ্ৰহণ কৰা হৈছে।
যুদ্ধৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে আগবাঢ়ি আহি জনসাধাৰণক কিছু বাৰ্তা দিব বুলি বিশ্বাস কৰা হৈছিল যদিও সেয়া নহ’ল।
খামেইনীক শেষবাৰৰ বাবে কেতিয়া দেখা গৈছিল?
১৯৮৯ চনৰ পৰা ক্ষমতাত থকা খামেইনী যোৱা সপ্তাহত এটা প্ৰি-ৰেকৰ্ডিং ভিডিঅ’ত ভাষণ দিছিল, কিন্তু ১৩ জুনত ইজৰাইলৰ হঠাৎ বিমান আক্ৰমণৰ ঢৌৰে সংঘাত আৰম্ভ হোৱাৰ আগতে তেওঁক ৰাজহুৱাভাৱে দেখা পোৱা নাছিল।
তাৰ দুদিন আগতে তেওঁৰ শেষবাৰৰ বাবে ৰাজহুৱা হাজিৰ হৈছিল, যেতিয়া তেওঁ সংসদৰ সদস্যসকলক লগ পাইছিল।
ইজৰাইলৰ আক্ৰমণৰ বাবে ইৰাণৰ যথেষ্ট ক্ষতি হয়।ইৰাণৰ ন্যায়পালিকাৰ মতে এই আক্ৰমণত ৯০০ৰো অধিক লোক নিহত হৈছে, আনহাতে চৰকাৰী তথ্য অনুসৰি ইজৰাইলৰ চহৰসমূহত ইৰাণৰ প্ৰতিশোধমূলক ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও ২৮ জন লোক নিহত হয়।
লগতে পঢ়ক: নতুন ৰাজনৈতিক দল গঠন ইলন মাস্কৰ;ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষ প্ৰত্যাহ্বান