শুভমান গীলৰ দুৰ্দান্ত প্ৰদৰ্শন
ভাৰতীয় টেষ্ট দলৰ অধিনায়ক তথা তাৰকা বেটছমেন শুভমান গীলে এডগবাষ্টন খেলপথাৰত ইতিহাসৰ সৃষ্টি কৰিছে।
বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল চলি আছে।
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনা অধিনায়ক গীলে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক অৰ্জন কৰে।
ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৭০ ৰান অতিক্ৰম কৰি ৬টা উইকেট হেৰুৱাইছে। গীল আৰু ৱাশ্বিংটন সুন্দৰ নট আউট বেটছমেন। গীলে সম্পূৰ্ণ কৰিলে দ্বৈত শতক।এইটোৱেই হৈছে শুভমনৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক।
লিডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
এতিয়া শুভমান গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে এই মেচত জয়ী হৈ শৃংখলা সমতল কৰাৰ উদ্দেশ্যেৰে খেলপথাৰলৈ আহিছে।
শুভমানে ১১টা চাৰিৰ সহায়ত ১৯৯টা বলত শতক সমাপ্ত কৰে,যিটো আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ সপ্তম শতক।
লগতে পঢ়ক: তাৰকা ফুটবলাৰ ডিঅ’গো জোটাৰৰ মৃত্যু; ১০ দিন পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত