ফুটবলাৰ ডিঅ’গো জোটাৰৰ মৃত্যু
ফুটবল জগতৰ পৰা এক দুখৰ পোহৰলৈ আহিছে। পৰ্তুগাল আৰু লিভাৰপুলৰ তাৰকা খেলুৱৈ ডিঅ’গো জোটাৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে। মাত্ৰ ২৮ বছৰ বয়সতেই মৃত্যুক সাৱতি লয় খেলুৱৈ গৰাকীয়ে।
জানিব পৰা মতে স্পেইনত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ সময়ত বাহনখনত ডিঅ’গো জোটাৰৰ ভাতৃ আন্দ্ৰেও উপস্থিত আছিল।আন্দ্ৰে ফেলিপো এজন জনপ্ৰিয় ফুটবলাৰ আছিল। দুয়োৰে মৃত্যুত সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে।
জানিব পৰা মতে, দুয়ো এখন লেম্বৰগীনি বাহনত আছিল।তেওঁলোকে আন এখন গাড়ী অভাৰটেক কৰাৰ সময়তে টায়াৰ ফাটি গাড়ীখন পথৰ পৰা আঁতৰি যায়।তাৰ পিছত দাউ দাউ কৈ জ্বলি উঠিল বাহনখন।
যাৰ ফলত বাহনখনৰ ভিতৰতে মৃত্যু হয় দুই ভাতৃৰ। ফুটবল জগতত জোটাৰ নাম অতি বিখ্যাত আৰু তেওঁ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে পর্তুগাল জাতীয় দলৰ হৈ খেলে৷উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জোতাই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ৰুট্টে কাৰ্ডোছ’ক বিয়া কৰাইছিল।বিয়াৰ ফটোত দেখা গৈছে যে দম্পতীহালে নিজৰ তিনিটা সন্তানৰ সৈতে উদযাপন কৰি আছে।

জানিব পৰা মতে এই দুৰ্ঘটনাটো তেওঁলোকৰ স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২.৪০ বজাত হৈছিল। পৰ্তুগীজ ফুটবল ফেডাৰেচনে এক বিবৃতিযোগে জোটা আৰু তেওঁৰ ভাতৃ আন্দ্ৰেৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে।
বিবৃতিটোত কোৱা হৈছে যে ডিঅ’গো আৰু তেওঁৰ ভাতৃ আন্দ্ৰেৰ মৃত্যুত পৰ্তুগীজ ফুটবল ফেডাৰেচন আৰু সমগ্ৰ পৰ্তুগীজ ফুটবল অনুৰাগী সকল গভীৰভাৱে স্তম্ভিত হৈ পৰিছে।
পৰ্তুগীজ ফুটবল ফেডাৰেচনে ডিঅ’গো আৰু আন্দ্ৰেৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ লগতে ক্ৰমে এই খেলুৱৈসকলে খেলা ক্লাব লিভাৰপুল এফ চি আৰু এফ চি পেনাফিয়েলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
আমি দুজন চেম্পিয়ন হেৰুৱালোঁ। ডিঅ’গো আৰু আন্দ্ৰেৰ মৃত্যু পৰ্তুগীজ ফুটবলৰ বাবে এক অপূৰণীয় ক্ষতি আৰু আমি তেওঁলোকৰ উত্তৰাধিকাৰক সন্মান জনোৱাৰ বাবে সকলো চেষ্টা কৰিম।’
২০১৬ চনত এটলেটিকো মাদ্ৰিদলৈ যোৱাৰ পূৰ্বে পৰ্তুগালৰ পাওছ ডি ফেৰেইৰাৰ সৈতে ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল জোটাই।
তাৰ পিছত তেওঁ উলভাৰহামপটন ৱাণ্ডাৰাৰছৰ সৈতে প্ৰিমিয়াৰ লীগত খেলিছিল।লিভাৰপুলত জোটাই প্ৰাক্তন মেনেজাৰ জাৰ্গেন ক্লপৰ অধীনত এফ এ কাপ আৰু লীগ কাপ দুয়োটা খিতাপ দখল কৰে।
শেহতীয়াকৈ তেওঁ নতুন মুখ্য প্ৰশিক্ষক আৰ্নে স্লটৰ অধীনত ২০২৪-২৫ ছিজনত প্ৰিমিয়াৰ লীগৰ খিতাপ জয় কৰা দলটোৰ অংশ আছিল।
লগতে পঢ়ক: একেৰাহে দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ; বঞ্চিত জয়ছোৱাল