৬৫ যাত্ৰীক লৈ ডুবিল ফেৰী
ইণ্ডোনেছিয়াত ৬৫ জন লোক কঢ়িয়াই নিয়া এখন ফেৰী ডুব যায় । ফেৰীখন ডুব যোৱাৰ ফলত দুজন লোকৰ মৃত্যু হয় । ইফালে এই ঘটনাত ৪৩ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । উদ্ধাৰ অভিযান চলি আছে । স্থানীয় আৰক্ষী আৰু উদ্ধাৰ কৰ্মীয়ে জনোৱা মতে, ইণ্ডোনেছিয়াৰ বালিৰ সমীপত ৬৫ জন লোকক লৈ এখন ফেৰী ডুব যায় । দুৰ্ঘটনাত কমেও দুজন লোকৰ মৃত্যু হয় ।
২০ জন লোকক উদ্ধাৰ-
সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱা দলটোৰ সৈতে উপস্থিত থকা আৰক্ষী অধীক্ষকে জনোৱা মতে, দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । তেওঁ কয় যে ২০ জন লোকক উদ্ধাৰ কৰা হৈছে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰবল পানীত উটুৱাই নিয়াৰ বাবে বহু লোক অজ্ঞান হৈ পৰে । দুখন টাগ নাও আৰু দুখন ইনফ্লেটেবল নাৱকে ধৰি ৯ খন নাৱে নিৰুদ্দেশ হোৱা লোকক বিচাৰি অভিযান চলাইছে । নিশাৰ আন্ধাৰত ২ মিটাৰ পৰ্যন্ত ওখ ঢৌৰ বাবে সাহায্য আৰু উদ্ধাৰ কামত অসুবিধাৰ সন্মুখীন হৈছে বুলি উদ্ধাৰকাৰী দলটোৱে জানিবলৈ দিয়ে ।
৪৩ জন লোকৰ সন্ধান অব্যাহত-
সাহায্য আৰু উদ্ধাৰ কৰ্মীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ পিছত নিৰুদ্দেশ হোৱা ৪৩ জন লোকক বিচাৰি অভিযান চলাই থকা হৈছে । নাওখনত আছিল ৫৩ জন যাত্ৰী, ১২ জন ক্ৰু মেম্বাৰ আৰু ১৪ খন ট্ৰাকসহ ২২ খন বাহন ।
ৰাষ্ট্ৰীয় অনুসন্ধান আৰু উদ্ধাৰ সংস্থাই এক বিবৃতিত জনোৱা মতে, বুধবাৰে গভীৰ নিশা পূব জাভাৰ কেটাপাং বন্দৰৰ পৰা ওলাই অহা ফেৰীখন প্ৰায় আধা ঘণ্টাৰ পিছত ডুব যায় । ফেৰীখন বালিৰ গিলিমানুক বন্দৰলৈ ৫০ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিব লগা আছিল ।
লগতে পঢ়ক : জাপানত মহাবিনাশৰ ভৱিষ্যদ্বাণী! চাৰিওফালে হাহাকাৰ