একেৰাহে দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ আৰম্ভণিৰ দিনা ৫টা উইকেট হেৰুৱাই ৩১০ ৰান সংগ্ৰহ কৰিছে ভাৰতে । বুধবাৰৰ খেলৰ শেষলৈকে শুভমন গীল ১১৪ ৰান আৰু ৰবীন্দ্ৰ জাডেজাই ৪১ ৰানেৰে ক্ৰীজত আছে । দুয়োৰে মাজত ৯৯ ৰানৰ অংশীদাৰিত্ব গঢ়িছে । উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এডগবাষ্টনত অনুষ্ঠিত হৈছে । এই মেচত ইংলেণ্ডে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ।
দুই ৰান সংগ্ৰহ কৰি আউট কে এল ৰাহুল-
দ্বিতীয় টেষ্টত প্ৰথম ইনিংছৰ আৰম্ভণিতেই জোকাৰণিৰ সন্মুখীন হয় ভাৰত । মাত্ৰ দুই ৰান সংগ্ৰহ কৰি আউট হয় অ’পেনাৰ কে এল ৰাহুল । তেওঁ ক্ৰীছ ৱ’কছৰ বলি হয় । ইয়াৰ পিছত যশস্বী জয়ছোৱালে কৰুণ নায়াৰৰ সমৰ্থন লাভ কৰে । দ্বিতীয় উইকেটত দুয়োৰে মাজত ৮০ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । ব্ৰাইডন কাৰ্ছে এই অংশীদাৰিত্ব ভংগ কৰে । তেওঁ কৰুণ নায়াৰক পেভিলিয়নৰ বাট দেখুৱাই । পাঁচটা চাৰিৰ সহায়ত ৫০টা বলত ৩১ ৰান সংগ্ৰহ কৰি আউট হয় কৰুণ ।
শতক বঞ্চিত জয়ছোৱাল-
ইয়াৰ পিছত যশস্বী জয়ছোৱাল আৰু শুভমন গীলে ভাৰতৰ ইনিংছৰ দায়িত্ব লয় । দুয়োৰে মাজত ৬৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । অ’পেনাৰ জয়ছোৱাল ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় । তেওঁ শতক বঞ্চিত হয় । বেন ষ্ট’কছৰ বলত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । জয়ছোৱালৰ পিছত গীলে পন্টৰ সমৰ্থন লাভ কৰে । চতুর্থ উইকেটৰ বাবে দুয়োজনে কিছু ভাল শ্বট খেলি ৪৭ ৰান সংযোজন কৰে যদিও শ্বোয়াইব বছিৰে পন্টক আউট কৰে । ৪২টা বলত ২৫ ৰান সংগ্ৰহ কৰি আউট হয় পন্ট । একে সময়তে ইংলেণ্ডৰ মাটিত প্ৰথমখন মেচ খেলা নীতিশ কুমাৰ ৰেড্ডীয়ে মাত্ৰ এক ৰানহে কৰিবলৈ সক্ষম হয় । তেওঁক বল্ড কৰে ক্ৰীছ ৱ’কেছে ।
দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ-
লীডছৰ পিছত এডগবাষ্টন টেষ্ট তথা দ্বিতীয় টেষ্টতো শতক অৰ্জন কৰে গীলে । ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে তিনিখন টেষ্ট মেচত শতক অৰ্জন কৰা পঞ্চমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে গীল । এই বিষয়ত তেওঁ মহম্মদ আজহাৰুদ্দিন আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে কিংবদন্তিৰ অভলেখ স্পৰ্শ কৰিছে । ভাৰতীয় অধিনায়কগৰাকীয়ে ১৯৯টা বলত টেষ্ট কেৰিয়াৰৰ সপ্তমটো শতক সম্পূৰ্ণ কৰে । তেওঁক ভাল ফৰ্মত দেখা গৈছে ।
ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলতো গীলে শতক অৰ্জন কৰিছিল । তাৰ পূৰ্বে ২০২৪ চনত যেতিয়া ইংলেণ্ডৰ দলটোৱে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতলৈ আহিছিল, তেতিয়া ধৰ্মশালাত খেলা মেচখনত গীলে ১১০ ৰান সংগ্ৰহ কৰিছিল । এইদৰে গীল ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে তিনিটা শতক অৰ্জন কৰা পঞ্চমজন ভাৰতীয় হিচাপে পৰিগণিত হয় । অধিনায়ক হিচাপেও গীলে ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়টো শতক অৰ্জন কৰা তেওঁ তৃতীয়গৰাকী ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় । তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল বিজয় হাজাৰে আৰু মহম্মদ আজহাৰুদ্দিনে । দুয়োজনে এই কৃতিত্ব ক্ৰমে দিল্লী আৰু ব্ৰাবৰ্ণ (১৯৫১-৫২) আৰু লৰ্ডছ আৰু অল্ড ট্ৰেফৰ্ড (১৯৯০)ত কৰিছিল ।
লগতে পঢ়ক : অলিম্পিক ২০৩৬ৰ বাবে দাবী উত্থাপন ভাৰতৰ; এইখন চহৰত আয়োজন কৰাৰ প্ৰস্তাৱ