বি এছ চি এষ্ট্ৰ’নমি নে বিটেক স্পেচ টেকনলজি
মহাকাশচাৰী এক উন্নত কেৰিয়াৰ বিকল্প হৈ পৰিছে । ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা নাছাৰ এক্সিয়াম-৪ অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছে । প্ৰায় ১৪ দিন তাতেই থাকিব তেওঁ । এনে পৰিস্থিতিত কোনটো পাঠ্যক্ৰম অধ্যয়ন কৰি মহাকাশচাৰী হ’ব পাৰি- এষ্ট্ৰ’নমি নে বিটেক স্পেচ টেকনলজি আৰু কোনখন প্ৰতিষ্ঠানৰ পৰা এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিব পাৰি জানক ।
মহাকাশচাৰী বা এষ্ট্ৰ’নাটসকলে মহাকাশযান চলায় আৰু মহাকাশত বিভিন্ন প্ৰকল্পৰ কাম কৰে । সঁজুলি ৰক্ষণাবেক্ষণ আৰু মহাকাশযান মেৰামতি কৰাটোও তেওঁলোকৰ কাম । মহাকাশচাৰীয়ে মহাকাশত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰে, যিটো পৃথিৱীত কৰিব নোৱাৰি । তেওঁলোকে আন মহাকাশচাৰী আৰু মিছন নিয়ন্ত্ৰণ দলৰ সৈতে মিলি মহাকাশত কাম কৰে ।
নামভৰ্তিৰ যোগ্যতা কি, ক’ত অধ্যয়ন কৰিব-
বি এছ চি এষ্ট্ৰ’নমিৰ পাঠ্যক্ৰম কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান শাখাৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক । ছাত্ৰ-ছাত্ৰীসকলে আই আই টি, ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স (আই আই এছ চি) বাংগালুৰু, টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টি আই এফ আৰ) মুম্বাই, ইন্টাৰ-ইউনিভাৰ্চিটি চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স (আই ইউ চি এ এ) পুনে আৰু নেশ্যনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্স (এন চি আৰ এ-টি আই এফ আৰ) পুনেৰ পৰা বি এছ চি এষ্ট্ৰ’নমিৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব । নামভৰ্তি সম্পৰ্কীয় তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিষ্ঠানসমূহৰ অফিচিয়েল ৱেবছাইট চাব পাৰে ।
বিটেক স্পেচ টেকনলজি ক’ত অধ্যয়ন কৰিব ?
B.Tech Space Technology হৈছে স্নাতক পৰ্যায়ৰ ডিগ্ৰী পাঠ্যক্ৰম । এই বিষয় অধ্যয়ন কৰিবলৈ এজন ছাত্ৰই বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব । ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন’লজি (IIST) তিৰুৱনন্তপুৰম, আই আই টিকে ধৰি বহু মহাবিদ্যালয়ৰ পৰা এই পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰি । প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় । স্পেচ টেকনলজিত নামভৰ্তি সম্পৰ্কে অধিক তথ্যৰ বাবে প্ৰতিষ্ঠানৰ ৱেবছাইট চাব পাৰে ।
কোনবোৰ খণ্ডত কেৰিয়াৰ গঢ়িব পাৰি ?
B.Tech Space Technology আৰু B.Sc Astronomy অধ্যয়ন কৰাৰ পিছত ISRO, DRDO, Space Research, Satellite Technology আৰু Rocket Technology ত কেৰিয়াৰ গঢ়িব পাৰিব । পাইলট প্ৰশিক্ষণ লৈ মহাকাশচাৰী হিচাপে কেৰিয়াৰ গঢ়িব পাৰে । ইয়াৰ উপৰিও কলেজ আৰু বিশ্ববিদ্যালয়ত শিক্ষক হিচাপেও কেৰিয়াৰ গঢ়িব পাৰি ।