গল্ডেন বয় নীৰজ চোপ্ৰাৰ আন এক অভিলেখ
চেক গণৰাজ্যত অনুষ্ঠিত হোৱা অষ্ট্ৰাভা গোল্ডেন স্পাইকত স্বৰ্ণ পদক অৰ্জন কৰি ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । তৃতীয় ৰাউণ্ডত নীৰজে ৮৫.২৯ মিটাৰ নিক্ষেপ কৰে, যিটো আন কোনো খেলুৱৈয়ে অতিক্ৰম কৰিব পৰা নাছিল । দক্ষিণ আফ্ৰিকাৰ ড’ভ স্মিটে দ্বিতীয় ৰাউণ্ডত ৮৪.১২ মিটাৰ নিক্ষেপ কৰিছিল, যিটো তেওঁৰ ৬ ৰাউণ্ডত সৰ্বোত্তম প্ৰদৰ্শন আছিল । তেওঁ দ্বিতীয় স্থান লাভ কৰে । আনহাতে, গ্ৰেনাডাৰ পিটাৰ এণ্ডাৰছনে প্ৰথম প্ৰচেষ্টাত ৮৩.৬৩ মিটাৰ নিক্ষেপ কৰিছিল আৰু এইটোৱেই আছিল তেওঁৰ ছয় ৰাউণ্ডত সৰ্বোত্তম প্ৰদৰ্শন । তেওঁ তৃতীয় স্থান লাভ কৰে ।
ইয়াৰ পূৰ্বে ২০১৮ চনত অষ্ট্ৰাভাত অনুষ্ঠিত হোৱা আই এ এ এফ কন্টিনেণ্টেল কাপত অংশগ্ৰহণ কৰিছিল নীৰজে, য’ত তেওঁ ৮০.২৪ মিটাৰ থ্ৰ’ৰে ষষ্ঠ স্থান দখল কৰিছিল । অৱশ্যে অষ্ট্ৰাভা গোল্ডেন স্পাইকত তেওঁৰ এইটোৱেই আছিল প্ৰথম । নীৰজ চোপ্ৰাই ফাউল থ্ৰ’ৰে ইভেণ্টৰ অন্ত পেলায় । কিন্তু বিশ্ব চেম্পিয়ন চোপ্ৰাই পেৰিছ ডাইমণ্ড লীগৰ পিছত একেৰাহে দ্বিতীয়খন ইভেণ্টত জয়লাভ কৰাৰ বাবে তেওঁৰ এই প্ৰদৰ্শনত সুখী । এইখন তেওঁৰ এই ছিজনৰ পঞ্চমখন প্ৰতিযোগিতা আছিল । দক্ষিণ আফ্ৰিকাৰ পটচেফষ্ট্ৰুমত অনুষ্ঠিত হোৱা আমন্ত্ৰণমূলক মিটৰ জৰিয়তে তেওঁ বছৰটোৰ আৰম্ভণি কৰিছিল, য’ত তেওঁ ৮৪.৫২ মিটাৰ থ্ৰ’ৰে জয়লাভ কৰিছিল ।
ডোহাত ডাইমণ্ড লীগৰ অ’পেনাৰত নীৰজ চোপ্ৰাই প্ৰথমবাৰৰ বাবে ৯০.২৩ মিটাৰ থ্ৰ’ৰে ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি পূৰ্বৰ শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰৰ অভিলেখ ভংগ কৰে । এই মাইলৰ খুঁটিৰ পিছতো নীৰজে ৯১.০৬ মিটাৰ থ্ৰ’ কৰা জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পিছতে দ্বিতীয় স্থান দখল কৰে । দোহাৰ পিছত নীৰজে পোলেণ্ডৰ চ’ৰজ’ৰ জানুছ কুছ’চিনস্কি মেম’ৰিয়েলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, য’ত তেওঁ (৮৪.১৪ মিটাৰ) পুনৰ ৱেবাৰৰ পিছত (৮৬.১২ মিটাৰ) দ্বিতীয় স্থান লাভ কৰে । ইয়াৰ পাছতে অৱশেষত শুকুৰবাৰে পেৰিছ ডাইমণ্ড লীগত নীৰজে ৱেবাৰক পৰাস্ত কৰে, য’ত ভাৰতীয় খেলুৱৈগৰাকীয়ে ৮৮.১৬ মিটাৰৰ প্ৰথমটো থ্ৰ’ৰে খেলপথাৰৰ শীৰ্ষস্থান দখল কৰে ।
লগতে পঢ়ক : প্ৰথম টেষ্টত ৫ উইকেটত পৰাস্ত ভাৰত; ডাকেটৰ বিস্ফোৰক শতক