প্ৰথম টেষ্টত ৫ উইকেটত পৰাস্ত ভাৰত
লীডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথম টেষ্ট মেচত ইংলেণ্ডে টিম ইণ্ডিয়াক ৫ উইকেটত পৰাস্ত কৰে । বেন ডাকেট আৰু ক্ৰ’লিৰ প্ৰশংসনীয় ইনিংছৰ ভিত্তিত ইংলেণ্ডে ভাৰতৰ ৩৭১ ৰানৰ লক্ষ্যত সহজেই উপনীত হয় । বুমৰাহ, চিৰাজ আৰু জাডেজাৰ দৰে প্ৰবীণ খেলুৱৈৰে গঠিত ভাৰতীয় বলিং আক্ৰমণে সমগ্ৰ খেলখন উইকেটৰ বাবে হাহাকাৰ কৰি থাকিল । লগে লগে আয়োজক দলটোৱে এতিয়া ৫খনীয়া মেচৰ শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে ।
ভাৰতীয় দলে ইংলেণ্ডৰ সন্মুখত ৩৭১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰিছিল । মেচখনত ভাৰতৰ প্ৰথম ইনিংছ ৪৭১ ৰানত সীমাবদ্ধ আছিল আৰু ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৬৫ ৰানত সীমাবদ্ধ আছিল । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত ভাৰতীয় দলটোৱে ৬ ৰানৰ অগ্ৰগতি লাভ কৰিছিল । তাৰ পিছত ভাৰতে দ্বিতীয় ইনিংছত ৩৬৪ ৰান সংগ্ৰহ কৰে আৰু ইংলেণ্ডক ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছিল । দ্বিতীয় ইনিংছত ইংলেণ্ডৰ হৈ ডাকেটে ১৪৯ ৰান আৰু ক্ৰলিৰ বেটৰ পৰা ৬৫ ৰান আহে । একে সময়তে ৰুটে অপৰাজিত অৰ্ধ শতক অৰ্জন কৰে আৰু দলটোৱে ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰে ।
উইকেটৰ পতনঃ ১৮৮-১ (জেক ক্ৰ’লি, ৪২.২), ২০৬-২ (অলি পোপ, ৪৪.৪), ২৫৩-৩ (বেন ডাকেট, ৫৪.৩), ২৫৩-৪ (হেৰী ব্ৰুক, ৫৪.৪), ৩০২-৫ (বেন ষ্ট’কছ, ৬৭.৩) ।
ভাৰতৰ দ্বিতীয় ইনিংছঃ পন্ট-ৰাহুলৰ শতক
প্ৰথম টেষ্টত ভাৰতীয় দলৰ দ্বিতীয় ইনিংছত ঋষভ পন্টে শতক অৰ্জন কৰে । ঋষভে ১৫টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১৪০টা বলত ১১৮ ৰান সংগ্ৰহ কৰে । অ’পেনাৰ কে এল ৰাহুলেও স্মৰণীয় শতকীয় ইনিংছ খেলে । ৰাহুলে ২৪৭টা বলত ১৩৭ ৰান সংগ্ৰহ কৰে, য’ত ১৮টা চাৰি আছিল । অৱশ্যে এই দুগৰাকী বেটছমেন আউট হোৱাৰ পাছত ভাৰতে ৩১ ৰানত শেষৰ ৫টা উইকেট হেৰুৱাই । ইংৰাজ বেগী বলাৰ ব্ৰাইডন কাৰ্ছ আৰু জোছ টংগুৱে তিনিটাকৈ উইকেট দখল কৰে ।
উইকেট পতনঃ ১৬-১ (যশস্বী জয়ছোৱাল, ৩.১ অভাৰ), ৮২-২ (ছাই সুদৰ্শন, ২০.৫ অভাৰ), ৯২-৩ (শুভমন গীল, ২৪.৬ অভাৰ), ২৮৭-৪ (ঋষভ পন্ট, ৭১.৪ অভাৰ), ৩৩৩-৫ (কে এল ৰাহুল, ৮৪.২ অভাৰ), ৩৩৫-৬ (কৰুণ নায়াৰ, ৮৫.৬ অভাৰ), ৩৪৯-৭ (শ্বাৰদুল ঠাকুৰ, ৯০.১ অভাৰ), ৩৪৯-৮ (মহম্মদ ছিৰাজ, ৯০.২ অভাৰ), ৩৪৯-৯ (যশপ্ৰীত বুমৰাহ, ৯০.৪ অভাৰ), ৩৬৪-১০ (প্ৰসিধ কৃষ্ণ, ৯৫.৬ অভাৰ) ।
উল্লেখ্য যে, প্ৰথম টেষ্টত ভাৰতে দুয়োটা ইনিংছত পাঁচটাকৈ শতক অৰ্জন কৰিছিল যদিও শোচনীয় বলিং আৰু ফিল্ডিঙৰ বাবে পৰাজয় স্বীকাৰ কৰে ।
লগতে পঢ়ক : ঋষভ পণ্টৰ বিৰুদ্ধে আই চি চিয়ে ল’লে এই ব্যৱস্থা; লীডছত আম্পায়াৰক কৰিছিল বেয়া ব্যৱহাৰ !