দিল্লী চৰকাৰৰ ডাঙৰ পদক্ষেপ
দিল্লী চৰকাৰে শৈক্ষিক অধিবেশন ২০২৬-২৭ৰ পূৰ্বে প্ৰথম শ্ৰেণীৰ নামভৰ্তিৰ বাবে নূন্যতম বয়স ৬ বছৰ কাৰ্যকৰী কৰাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ আৰু শিক্ষাৰ অধিকাৰ (RTE) আইন, ২০০৯ চনৰ আৰ্হি অনুসৰি বিদ্যালয় শিক্ষাৰ মৌলিক পৰ্যায়ৰ পুনৰ্গঠন ঘোষণা কৰা হৈছে।
এই সন্দৰ্ভত শিক্ষা সঞ্চালকালয়ে এখন নিৰ্দেশনা জাৰি কৰে।জাৰি কৰা চাৰ্কুলাৰ অনুসৰি, মূল পৰ্যায়ৰ পুনৰ গঠন কৰা হ’ব,য’ত প্ৰথম শ্ৰেণীৰ পূৰ্বে তিনি বছৰৰ প্ৰাক প্ৰাথমিক শিক্ষা অন্তৰ্ভুক্ত কৰা হ’ব।
ইয়াৰ উদ্দেশ্য কি?
এই পদক্ষেপৰ উদ্দেশ্য দিল্লীৰ বিদ্যালয় ব্যৱস্থা NPE ৰ অধীনত পৰামৰ্শিত ৫+৩+৩+৪ গঠন অনুসৰি বনাব লাগিব।ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ অধীনত প্ৰৱৰ্তন কৰা এই গাঁথনিটো পূৰ্বৰ পুনৰ্গঠন ১০+২ ব্যৱস্থাৰ ঠাই লয় আৰু বিদ্যালয় শিক্ষাক চাৰিটা পৰ্যায়ত পুনৰ সংগঠিত কৰে, য’ত পাঁচ বছৰীয়া মৌলিক পৰ্যায়, তিনি বছৰৰ প্ৰাৰম্ভিক পৰ্যায়, তিনি বছৰৰ মধ্যম পৰ্যায় আৰু চাৰি বছৰীয়া মাধ্যমিক পৰ্যায় অন্তৰ্ভুক্ত কৰা হৈছে।
নাৰ্চাৰী, LKG আৰু UKG ৰ বাবে বয়সৰ সীমা
এই নিৰ্দেশনাত তিনি বছৰ বয়সত শিশুক নাৰ্চাৰীত, চাৰি বছৰ বয়সত ‘লয়াৰ কেজি’ আৰু পাঁচ বছৰ বয়সত ‘আপাৰ কেজি’ (প্ৰি-স্কুল ৩)ত নামভৰ্তি দিয়া হ’ব।
ইয়াত উল্লেখ আছে যে ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা ৬ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছতহে প্ৰথম শ্ৰেণীত নামভৰ্তি দিয়া হ’ব।
জাৰি কৰা বিজ্ঞপ্তি অনুসৰি, প্ৰক্ৰিয়াটোত অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াসত সঞ্চালকালয়ে অভিভাৱক, শিক্ষক, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা, বিষয় বিশেষজ্ঞ, পেছাদাৰী, পণ্ডিত আৰু সাধাৰণ জনতাকে ধৰি অংশীদাৰসকলৰ পৰা ১০ জুলাইৰ পূৰ্বে পৰামৰ্শ আমন্ত্ৰণ জনাইছে।
লগতে পঢ়ক: আই আই টি দিল্লীৰ কৃতিত্ব; বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত দেশৰ ৫০ খন বিশ্ববিদ্যালয়