মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধি
দেওবাৰে বিয়লিৰ ভাগত দিশপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।
এই কেবিনেট বৈঠকত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাবে ভালখবৰ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ১অক্টোবৰৰ পৰা দৰমহা বাঢ়িব মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ।
ৰান্ধনীসকলৰ দৰমহা ২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে ব্যয় কৰিব ৮ কোটি টকা। ইয়াৰ পূৰ্বে ১ হাজাৰ টকা লাভ কৰিছিল তেওঁলোকে।
ইফালে অংগনৱাড়ী ছুপাৰভাইজাৰ পদৰ ক্ষেত্রত নতুন নিয়ম প্ৰযোজ্য কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। অংগনাবাড়ী কৰ্মীৰ পৰা পদোন্নতি কৰি ছুপাৰভাইজাৰ কৰা হ’ব।
পূৰ্বে ২৫% পদোন্নতি হৈছিল৷ এতিয়াৰ পৰা ৫০% পদোন্নতিত সংৰক্ষণ থাকিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷
আনহাতে বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ যুৱক-যুৱতীৰ মৃতদেহ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
তেওঁ জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ খৰচত এতিয়াৰে পৰা লৈ অনা হ’ব মৃতদেহ। উল্লেখযোগ্য যে, ‘শ্রদ্ধাঞ্জলি’ নামেৰে আৰম্ভ হ’ব এই আঁচনিখন। তাৰোপৰি এই আঁচনিখন অসম আৰক্ষীয়ে চোৱাচিতা কৰিব বুলি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়ক: আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া