চুৰি হ’ল ১৬ বিলিয়ন একাউণ্টৰ পাছৱৰ্ড
যদি আপুনি ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু গুগল, এপল, ফেচবুক বা টেলিগ্ৰামৰ দৰে প্লেটফৰ্ম ব্যৱহাৰ কৰে, তেন্তে এতিয়া সজাগ হোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।
শেহতীয়া খবৰ অনুসৰি ১৬ বিলিয়নৰো অধিক লগইনৰ সবিশেষ অনলাইনত ফাদিল হৈছে।ইয়াৰ ভিতৰত পাছৱৰ্ডৰ পৰা আৰম্ভ কৰি ইউজাৰনেমলৈকে সকলো আছে, যিবোৰ চাইবাৰ অপৰাধীয়ে এতিয়া মুকলিকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে।
চাইবাৰ নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে, এইটোৱেই আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ ডাটা ভংগ বুলি ধাৰণা কৰা হৈছে।
ইয়াৰ ভিতৰত ছ’চিয়েল মিডিয়া, ইমেইল, কৰ্পৰেট একাউণ্ট, পাছৱৰ্ড, VPN আৰু ডেভেলপাৰৰ প্লেটফৰ্মলৈ প্ৰৱেশৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।অৰ্থাৎ যদি আপুনি কেতিয়াবা ইণ্টাৰনেটত কোনো সেৱা ব্যৱহাৰ কৰিছে, তেন্তে আপোনাৰ ডাটাও এই লিকৰ অংশ হ’ব পাৰে।
একাউণ্টৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাৰ আশংকা
এই লিকৰ পিছত বিপদ কেৱল আপোনাৰ একাউণ্ট হেক হোৱাৰ নহয়, আপোনাৰ সমগ্ৰ ডিজিটেল জীৱনটোও ইয়াৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।
ফিছিং আক্ৰমণৰ পৰা আৰম্ভ কৰি পৰিচয় চুৰি আৰু অনলাইন জালিয়াতিলৈকে এতিয়া আৰু অধিক দ্ৰুতগতিত কাণ্ড বৃদ্ধি পাব পাৰে।
এই কোম্পানীসমূহৰ ব্যৱহাৰকাৰীসকল হ’ব লাগে সজাগ
গুগল আৰু জিমেইল ব্যৱহাৰকাৰী
এপল আইডি থকা ব্যৱহাৰকাৰী
ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ একাউণ্ট
টেলিগ্ৰাম আৰু অন্যান্য চেটিং এপৰ ব্যৱহাৰকাৰী
ভিপিএন ব্যৱহাৰ কৰা লোকসকল
যদি আপুনি এই প্লেটফৰ্মসমূহৰ যিকোনো এটাৰ সৈতে সংযুক্ত, তেন্তে বুজি লওক যে আপুনিও এই ভাবুকিৰ বলি হ’ব পাৰে।
লগতে পঢ়ক: নাছাই পুনৰ পিছুৱালে Axiom-4 মিছনৰ উৎক্ষেপণ; সোনকালেই ঘোষণা কৰা হ’ব নতুন তাৰিখ