নীৰজ চোপ্ৰা

আকৌ উজ্জ্বলিল নীৰজ চোপ্ৰা; পেৰিছ ডাইমণ্ড লীগৰ খিতাপ দখল

নীৰজ চোপ্ৰাৰ সফলতা ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পেৰিছ ডাইমণ্ড লীগ ২০২৫ খিতাপ দখল কৰিছে। পেৰিছ ডাইমণ্ড লীগ ২০২৫ খিতাপ জয় কৰি দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পৰা প্ৰতিশোধ ল’লে। জুলিয়ান ৱেবাৰক এক কঠিন প্ৰতিযোগিতাত পৰাস্ত কৰিছে খেলুৱৈ গৰাকীয়ে।পেৰিছ ডাইমণ্ড

নীৰজ চোপ্ৰাৰ সফলতা

ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পেৰিছ ডাইমণ্ড লীগ ২০২৫ খিতাপ দখল কৰিছে। পেৰিছ ডাইমণ্ড লীগ ২০২৫ খিতাপ জয় কৰি দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পৰা প্ৰতিশোধ ল’লে।

জুলিয়ান ৱেবাৰক এক কঠিন প্ৰতিযোগিতাত পৰাস্ত কৰিছে খেলুৱৈ গৰাকীয়ে।পেৰিছ ডাইমণ্ড লীগ ২০২৫ত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাত ৮৮.১৬ মিটাৰ নিক্ষেপ কৰে।৮৮.১৬ মিটাৰ নিক্ষেপ কৰি জয় নিশ্চিত হয়।

সৃষ্টি কৰিলে ইতিহাস

নীৰজে দ্বিতীয় প্ৰচেষ্টাত ৮৫.১০ মিটাৰ নিক্ষেপ কৰে। তেওঁৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম প্ৰচেষ্টা ফাউল হয়।ষষ্ঠ প্ৰচেষ্টাত নীৰজে ৮২.৮৯ মিটাৰ নিক্ষেপ কৰে।

ভাৰতীয় খেলুৱৈ গৰাকীয়ে সৰ্ববৃহৎ প্ৰতিদ্বন্দ্বী জুলিয়ান ৱেবাৰে ৮৭.৮৮ মিটাৰ বেষ্ট থ্ৰ’ৰে দ্বিতীয় স্থান দখল কৰে।জুলিয়ান ৱেবাৰে ইমান দূৰলৈ জেভেলিন নিক্ষেপ কৰিব নোৱাৰিলে।

২০২৫ চনৰ পেৰিছ ডাইমণ্ড লীগত তেওঁৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৫.১০। সেইবাবেই তেওঁ দ্বিতীয় স্থানত সন্তুষ্ট হ’বলগীয়া হৈছিল।

আনহাতে ব্ৰাজিলৰ লুইছ মৌৰিচিঅ’ দা চিলভাই ৮৬.৬২ মিটাৰ বেষ্ট থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে। এইদৰে নীৰজে এডাল কাঁড়েৰে দুটা টাৰ্গেটত আঘাত কৰে।

জুলিয়ান ৱেবাৰৰ পৰা ল’লে প্ৰতিশোধ

২০২৫ চনৰ পেৰিছ ডাইমণ্ড লীগত জুলিয়ান ৱেবাৰৰ পৰা পুৰণি প্ৰতিশোধ ল’লে তেওঁ।১৬ মে’ত দোহা ডাইমণ্ড লীগ ২০২৫ত জুলিয়ান ৱেবাৰে নীৰজক পৰাস্ত কৰিছিল।

ডোহা ডাইমণ্ড লীগ ২০২৫ত জুলিয়ান ৱেবাৰে ৯১.০৬ মিটাৰ বেষ্ট থ্ৰ’ৰে প্ৰথম স্থান দখল কৰিছিল। একে সময়তে নীৰজ চোপ্ৰাই ৯০.২৩ মিটাৰ বেষ্ট থ্ৰ’ৰে দ্বিতীয় স্থান দখল কৰিছিল।

ইয়াৰ উপৰিও জুলিয়ান ৱেবাৰে ২৩ মে’ত জানুছ কুছ’ছিংকি সোঁৱৰণী ইভেণ্টত নীৰজ চোপ্ৰাকো পৰাস্ত কৰে।জানুছ কুছ’ছিংকি মেম’ৰিয়েল ইভেণ্টত ৱেবাৰে ৮৬.১২ মিটাৰ আৰু নীৰজে ৮৪.১৪ মিটাৰ নিক্ষেপ কৰিছিল।

লগতে পঢ়ক: শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ; লিডছত পুনৰ দলত যোগ দিলে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে