আই আই টি দিল্লীৰ কৃতিত্ব
এইবাৰৰ QS World University Rankings ২০২৬ ত ভাৰতীয় বিশ্ববিদ্যালয়সমূহে উন্নত প্ৰদৰ্শন আগবঢ়াইছে । প্ৰায় ৫০% ভাৰতীয় প্ৰতিষ্ঠানৰ ৰেংকিং উন্নত হৈছে, যিটো দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ বাবে এক ডাঙৰ কৃতিত্ব হিচাপে বিবেচিত হৈছে । আই আই টি দিল্লীয়ে এই বছৰত সৰ্বাধিক অগ্ৰগতি লাভ কৰিছে । এই প্ৰতিষ্ঠানখনে এতিয়া বিশ্ব ৰেংকিঙত ১২৩ সংখ্যক স্থান দখল কৰিছে । দুবছৰ পূৰ্বে অৰ্থাৎ ২০২৪ চনত দেশৰ এই সন্মানীয় প্ৰতিষ্ঠানখনে ১৯ সংখ্যক স্থান দখল কৰিছিল আৰু ২০২৫ চনত ইয়াৰ স্থান আছিল ১৫০ ।
যোৱাবাৰ ভাৰতত প্ৰথম স্থান লাভ কৰা আই আই টি বম্বে এতিয়া দ্বিতীয় স্থানত আছে । অৱশ্যে ইয়াৰ ৰেংকিং কিছু হ্ৰাস পাইছে– ২০২৫ চনত ই ১১৮ত আছিল আৰু এতিয়া ১২৯ লৈ অৱনমিত হৈছে । আই আই টি মাদ্ৰাজৰো ৰেংকিঙৰ ডাঙৰ উন্নতি হৈছে । চেন্নাইস্থিত এই প্ৰতিষ্ঠান এতিয়া ১৮০ নম্বৰ স্থানত আছে, যিটো প্ৰথমবাৰৰ বাবে শীৰ্ষ ২০০ ৰ ভিতৰত প্ৰৱেশ কৰিছে । যোৱা বছৰ ই ২২৭ নম্বৰত আছিল ।
ৰেংকিং তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ ৮ খন প্ৰতিষ্ঠান-
এই তিনিখন প্ৰতিষ্ঠানৰ পিছতে আই আই টি খড়গপুৰ আৰু আই আই এছ চি বাংগালোৰে চতুৰ্থ আৰু পঞ্চম স্থান দখল কৰিছে । দিল্লী বিশ্ববিদ্যালয়ৰ ৰেংকিঙো উন্নত হৈছে । এই প্ৰতিষ্ঠানখন এতিয়া ৩২৮ নম্বৰ স্থানত উপনীত হোৱাৰ বিপৰীতে যোৱা বছৰ ৪০৭ নম্বৰ স্থানত আছিল । এইবাৰ ভাৰতৰ ৮ খন নতুন প্ৰতিষ্ঠান এই ৰেংকিঙত অন্তৰ্ভুক্ত হৈছে । এতিয়া ভাৰতৰ মুঠ ৫৪ খন প্ৰতিষ্ঠানক QS ৰেংকিঙত অন্তৰ্ভুক্ত কৰা হৈছে । আমেৰিকা (১৯২), ব্ৰিটেইন (৯০) আৰু চীন (৭২)ৰ পিছতে ভাৰত চতুৰ্থ স্থানত আছে ।
বিশ্বৰ কথা ক’বলৈ গ’লে এইবাৰো মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) প্ৰথম স্থানত আছে । একেৰাহে ১৪ বৰ্ষৰ বাবে এই প্ৰতিষ্ঠান প্ৰথম স্থানত আছে ।
লগতে পঢ়ক : দিল্লী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আঁতৰোৱা হ’ল মনুস্মৃতি পাঠদান