যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…
যোৱা শুকুৰবাৰৰ পৰা ইজৰাইল আৰু ইৰাণৰ মাজত তীব্ৰ যুদ্ধ চলি আছে।ইজৰাইলৰ যুদ্ধ বিমানে ইৰাণত ব্যাপক ধ্বংসলীলা চলাইছে আৰু শ শ লক্ষ্য স্থানত বোমা বিস্ফোৰণ ঘটাইছে।
একে সময়তে ইৰাণেও ইজৰাইলৰ বহু বৃহৎ চহৰত মিছাইলেৰে আক্ৰমণ কৰি বহু ক্ষতিসাধন কৰিছে।ইফালে, ইজৰাইলৰ সমৰ্থনত ডনাল্ড ট্ৰাম্পেও যুদ্ধক্ষেত্ৰত জপিয়াই পৰাৰ সম্ভাৱনা আছে।
এতিয়া এনে জল্পনা-কল্পনাৰমাজতে ইৰাণৰ মন্তব্য পোহৰলৈ আহিছে আৰু ই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।
ইৰাণে কি সকিয়নী দিলে?
ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেইয়ে ইৰাণৰ ওপৰত ইজৰাইলৰ ফালৰ পৰা কৰা আক্ৰমণৰ মাজতে সকিয়নী জাৰি কৰিছে।
তেওঁ কৈছিল যে, তেওঁলোকৰ যিকোনো হস্তক্ষেপে অঞ্চলটোত পূৰ্ণাংগ যুদ্ধৰ সূচনা কৰিব।অৰ্থাৎ ইজৰাইলৰ আক্ৰমণত আমেৰিকাৰ হস্তক্ষেপে ‘পূৰ্ণাংগ যুদ্ধ’ৰ সূচনা কৰিব।
কিয় প্ৰৱেশ কৰিব পাৰে ?
দৰাচলতে, ইজৰাইল-ইৰাণৰ যুদ্ধৰ আৰম্ভণিতে আমেৰিকাই ইয়াৰ পৰা নিজকে আঁতৰ কৰি ৰাখিছিল।অৱশ্যে, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এতিয়া এই যুদ্ধত অংশগ্ৰহণৰ ইংগিত দিছে।
তেওঁ কৈছে যে, তেওঁ যুদ্ধবিৰতিতকৈও ডাঙৰ কিবা এটা বিচাৰে।তেওঁলোকে এই অঞ্চললৈ আৰু অধিক যুদ্ধ বিমান প্ৰেৰণ কৰিছে।ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ চৰকাৰক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ কৈছিল।
ট্ৰাম্পে কৈছিল যে “ মই ভালদৰে জানো যে তথাকথিত “উচ্চতম নেতা” আয়াতুল্লা খামেনীই ক’ত লুকাই আছে। তেওঁ সহজ টাৰ্গেট, কিন্তু আমি তেওঁ শেষ কৰিবলৈ যোৱা নাই।অন্ততঃ এতিয়াৰ বাবে নহয়”।
লগতে পঢ়ক: মহিলা T20 বিশ্বকাপৰ সূচী ঘোষণা; ভাৰত-পাকিস্তানৰ মাজত এইটো দিনত অনুষ্ঠিত হ’ব মেচ