নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি...

নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি… মাউণ্ট এভাৰেষ্টতকৈ দুগুণ ওখ

নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি নাছাৰ মংগল অডিচি অৰ্বিটাৰে ২০২৫ চনৰ ২ মে’ত মংগল গ্ৰহত এনে এক অনন্য দৃশ্য আৱদ্ধ কৰিছিল য’ত ডাৱৰৰ ওপৰত প্ৰাচীন আগ্নেয়গিৰি আৰ্ছিয়া মন্স দেখা গৈছিল । এই ছবি ৬ জুন, ২০২৫ তাৰিখে শ্বেয়াৰ কৰা হৈছিল । পৃথিৱীৰ পৰা

নাছাই তুলিলে মংগল গ্ৰহৰ আগ্নেয়গিৰিৰ প্ৰথমখন ছবি

নাছাৰ মংগল অডিচি অৰ্বিটাৰে ২০২৫ চনৰ ২ মে’ত মংগল গ্ৰহত এনে এক অনন্য দৃশ্য আৱদ্ধ কৰিছিল য’ত ডাৱৰৰ ওপৰত প্ৰাচীন আগ্নেয়গিৰি আৰ্ছিয়া মন্স দেখা গৈছিল । এই ছবি ৬ জুন, ২০২৫ তাৰিখে শ্বেয়াৰ কৰা হৈছিল ।

পৃথিৱীৰ পৰা গড়ে ২২৫ নিযুত কিলোমিটাৰ দূৰত্বত থকা মংগল গ্ৰহত আৰ্ছিয়া মন্স হৈছে এক বিশাল আগ্নেয়গিৰি । ই থাৰচিছ মণ্টেছ নামৰ আগ্নেয়গিৰিৰ অঞ্চলত অৱস্থিত, য’ত আন দুটা শ্বীল্ড আগ্নেয়গিৰিও আছে, পাভ’নিছ মন্স আৰু এছক্ৰেয়াছ মন্স । আৰ্ছিয়া মন্সৰ উচ্চতা ১২ মাইল (২০ কিলোমিটাৰ) আৰু পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত মাউণ্ট এভাৰেষ্টতকৈ দুগুণ ওখ । অৱশ্যে গ্ৰহটোৰ আটাইতকৈ ওখ আগ্নেয়গিৰিটো হ’ল অলিম্পচ মন্স ।

এই গ্ৰহৰ পৃষ্ঠত থকা ৰাসায়নিক মৌল আৰু খনিজ পদাৰ্থৰ মানচিত্ৰ নিৰ্মাণৰ লক্ষ্যৰে ২০০১ চনত মংগল অডিচি অভিযান আৰম্ভ কৰা হৈছিল । ২০০৪ চনত ই প্ৰাথমিক অভিযান সম্পূৰ্ণ কৰিছিল যদিও ৰঙা গ্ৰহটোৰ পৃষ্ঠ, ডাৱৰ, কুঁৱলী আৰু বতৰৰ ওপৰত অধ্যয়ন অব্যাহত ৰাখিছিল । ২০২৩ চনৰ পৰা অডিচিয়ে গ্ৰহটোৰ দিগন্তৰ উচ্চ উচ্চতাৰ ছবি তুলিবলৈ আৰম্ভ কৰে ।

২০২৫ চনৰ ২ মে’ত সূৰ্য্য উদয়ৰ ঠিক আগতেই অডিচিয়ে আৰ্ছিয়া মন্সক বন্দী কৰে । এই ছবিখনত গ্ৰহটোৰ বায়ুমণ্ডল সেউজীয়া কুঁৱলীৰ দৰে দেখা গৈছে । আৰ্ছিয়া মন্স ডাৱৰৰ ওপৰত ক’লা দাগ হিচাপে উঠি যায় । এইটোৱেই হৈছে এই গ্ৰহত আগ্নেয়গিৰিৰ প্ৰথম দিগন্তমুখী ছবি ।

এই ছবিখন থাৰ্মেল ইমিছন ইমেজিং চিষ্টেম (THEMIS) কেমেৰাৰ সহায়ত তোলা হৈছে । THEMIS এ ৰঙা গ্ৰহটোৰ পৃষ্ঠত পানীৰ বৰফ থকা অঞ্চলৰ মানচিত্ৰ নিৰ্মাণ কৰাত সহায় কৰে, যিটো ভৱিষ্যতে মংগল গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশচাৰীৰ অৱতৰণ স্থান বাছনি কৰাত উপযোগী হ’ব পাৰে ।

লগতে পঢ়ক : ISRO ৰ সফলতা; প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশত পেলোডৰ সৈতে ৰকেট উৎক্ষেপণ পৰীক্ষণ

শেহতীয়া প্ৰৱন্ধসমূহ