তুৰ্কীৰ চুবুৰীয়া দেশে প্ৰধানমন্ত্ৰী মোদীক দিলে সৰ্বোচ্চ অসামৰিক সন্মান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান চাইপ্ৰাছত আছে, য’ত সোমবাৰে দেশখনৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্রধানমন্ত্রী মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে । চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই অসামৰিক সন্মান লাভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই বঁটা ১৪০ কোটি ভাৰতীয়ৰ বাবে এক সন্মান । আমাৰ দেশৰ ভাতৃত্ববোধ আৰু বসুধৈৱ কুটুম্বকমৰ মতাদৰ্শৰ বাবে এয়া এক সন্মান ।’
চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান লাভ কৰি সুখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে লিখিছে, চাইপ্ৰাছৰ ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III’ৰ সন্মান লাভ কৰি মই অতি সুখী । আমাৰ দেশৰ বন্ধুত্বৰ বাবে এইখিনি উৎসৰ্গা কৰিছো ।
তেওঁ কয়, ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III’ প্ৰদান কৰাৰ বাবে আপোনালোক, চাইপ্ৰাছ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো । এই সন্মান কেৱল মোৰ নহয়, ১৪০ কোটি ভাৰতীয়ৰ সন্মান । আমাৰ দেশৰ ভাতৃত্ববোধ আৰু বসুধৈৱ কুটুম্বকমৰ মতাদৰ্শৰ বাবে এয়া এক সন্মান ।’
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, ‘মই এই বঁটা ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আমাৰ ভাগ-বতৰা কৰা মূল্যবোধ আৰু আমাৰ পৰম্পৰাগত বুজাবুজিৰ বাবে উৎসৰ্গা কৰিছো । এই সন্মান সকলো ভাৰতীয়ৰ হৈ কৃতজ্ঞতাৰে গ্ৰহণ কৰো । এই বঁটা শান্তি, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা আৰু অটল প্ৰতিশ্ৰুতিৰ প্ৰতীক ।’
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-চাইপ্ৰাছৰ ব্যৱসায়িক বৈঠকত ভাষণ দি চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত কয়, ‘প্ৰথমে মই ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনাইছো যে আজি তেওঁ নিজেই মোক বিমানবন্দৰত আদৰণি জনাবলৈ আহিছিল । তেওঁ ব্যৱসায়িক নেতাসকলৰ সৈতে ইমান ডাঙৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিছে, ইয়াৰ বাবে মই অতিশয় কৃতজ্ঞ । মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ প্ৰতি তেওঁৰ ইতিবাচক চিন্তাৰ বাবেও মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছো ।’
২৩ বছৰৰ পাছত চাইপ্ৰাছ ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ-
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২৩ বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে চাইপ্ৰাছ ভ্ৰমণ কৰিছে আৰু প্ৰথমটো অনুষ্ঠান হৈছে ব্যৱসায়িক ঘূৰণীয়া মেজমেল । ইয়াৰ দ্বাৰা ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কত অৰ্থনৈতিক জগতৰ লোকৰ গুৰুত্বৰ ইংগিত পোৱা যায় । আপোনালোকৰ মতামত খুব মন দি শুনিছো । ভাৰত-চাইপ্ৰাছৰ অৰ্থনৈতিক সম্পৰ্কৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা মই অনুভৱ কৰিছো । আপোনালোকৰ চিন্তাত কেৱল সম্ভাৱনাই নহয় দৃঢ়তাও অনুভৱ কৰিব পাৰো । এইটো স্পষ্ট যে আমাৰ সম্পৰ্কবোৰ আগুৱাই যোৱাৰ অপৰিসীম সম্ভাৱনা আছে ।
লগতে পঢ়ক : আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী; কানাডাত জি-৭ বৈঠকত কৰিব অংশগ্ৰহণ