পুনৰ অসুস্থ ছোনিয়া গান্ধী
পুনৰ অসুস্থ কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী। অসুস্থ প্ৰবীণ কংগ্ৰেছী নেত্ৰী গৰাকীক দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
চিকিৎসালয় প্ৰশাসনে প্ৰকাশ কৰা বিবৃতি অনুসৰি, গেষ্ট্ৰ’ বিভাগত ভৰ্তি কৰোৱা কংগ্ৰেছ নেত্ৰী গৰাকীৰ পেটৰ সমস্যাত ভুগি আছে।তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে আৰু তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।
চিকিৎসালয়খনৰ তথ্য অনুসৰি, কংগ্ৰেছ নেত্ৰী গৰাকীৰ পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে।
বিশেষজ্ঞ চিকিৎসকৰ এটা দলে কংগ্ৰেছী নেত্ৰী গৰাকীক নিৰীক্ষণ কৰি আছে।অৱশ্যে তেওঁ কিমান দিন চিকিৎসালয়ত থাকিব লাগিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
তেওঁৰ স্বাস্থ্যৰ খবৰ পোৱাৰ লগে লগে বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে চিকিৎসালয়ত উপস্থিত হৈছেগৈ। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৭ জুনতো চিমলাত স্বাস্থ্যৰ অৱনতি ঘটিছিল ছোনিয়া গান্ধীৰ।
লগতে পঢ়ক: বিৰাট কোহলীৰ বাবে বামিকাই লিখিলে চিঠি; ভাবুক হৈ অনুষ্কাই কৰিলে শ্বেয়াৰ