২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?
দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ইতিহাসত বহুকেইজন মহান খেলুৱৈ আছে । তেওঁলোকে উৎকৃষ্ট খেলেৰে ক্ৰিকেটৰ সুনাম বৃদ্ধি কৰিছে । কিন্তু আই চি চিৰ বৃহৎ প্ৰতিযোগিতাত তেওঁলোকে নিজৰ দেশৰ বাবে বিশেষ যাদু দেখুৱাব পৰা নাই । এই কাৰণেই এতিয়াও মহান খেলুৱৈ থকাৰ পিছতো প্ৰটিয়াছৰ নামত কোনো ডাঙৰ আই চি চি খিতাপ নাই ।
দক্ষিণ আফ্ৰিকাই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে আই চি চি নকআউট ট্ৰফী লাভ কৰে । যিটো পিছলৈ চেম্পিয়নছ ট্ৰফীলৈ সলনি কৰা হয় । তেতিয়াৰ পৰাই দলটোৱে সদায়েই ডাঙৰ ডাঙৰ ট্ৰফীৰ বাবে সংগ্ৰাম কৰি আহিছে । ইয়াৰ পূৰ্বে বহু সময়ত আফ্ৰিকান দলটোক খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল । দলটোৱে সুন্দৰভাৱে প্ৰতিযোগিতাৰ আৰম্ভণি কৰে । কিন্তু সুক্ষ্ম পৰিস্থিতিত খেলুৱৈসকলে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । ফলত তেওঁলোকে খিতাপৰ পৰা আঁতৰি থাকিব লগা হয় ।
প্ৰায় ২৭ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাই পুনৰবাৰ আই চি চিৰ বৃহৎ খিতাপ দখলৰ সুযোগ লাভ কৰিছে । ডব্লিউ টি চি ২০২৩-২৫ৰ অন্তিমখন খেল লৰ্ডছত অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ আছে । য’ত বিপক্ষ দলে নিৰ্ধাৰণ কৰা ২৮৩ ৰানৰ লক্ষ্য খেদি বৰ্তমান প্ৰটিয়াছ দলে ২৪১/৪ ৰান সংগ্ৰহ কৰিছে । প্ৰটিয়াছক এতিয়া জয়ৰ বাবে প্ৰয়োজন কেৱল ৪০ ৰানৰ । জয়ৰ কাষ চাপি অহাৰ লগে লগে বছৰ বছৰ ধৰি চলি থকা ডাঙৰ ট্ৰফী দখলৰ অপেক্ষাৰো অন্ত পৰিব বুলি আসা কৰা হৈছে ।
প্ৰটিযাছক কেতিয়া কেতিয়া খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছিল ?
১৯৯৮ চনৰ পিছত বহু সময়ত এনে লাগিছিল যে আফ্ৰিকান দলটোৱে সহজেই খিতাপ দখল কৰিব । কিন্তু ভাগ্য তেওঁলোকৰ অনুকূল নাছিল আৰু তেওঁলোকে গুৰুত্বপূৰ্ণ ইভেন্টত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । দক্ষিণ আফ্ৰিকাই ১৯৯৯ চনৰ বিশ্বকাপত যিদৰে অংশগ্ৰহণ কৰিছিল, সকলোৱে আশা কৰিছিল যে তেওঁলোকে ট্ৰফী দখল কৰিব । কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত ২১৩-২১৩ ব্যৱধানত সমতা স্থাপন কৰে । ইয়াত ভাগ্যই কেংগাৰু দলক লগ দিয়ে আনহাতে আফ্ৰিকান দলটো হতাশ হয় । মেচখন ড্ৰ’ হোৱাৰ পিছতো আফ্ৰিকান দলটোৱে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি থাকিবলগীয়া হয় কাৰণ লীগ পৰ্যায়ত ইয়াৰ প্ৰদৰ্শন অষ্ট্ৰেলিয়াতকৈ দুৰ্বল আছিল ।
এই হতাশাক এৰি আফ্ৰিকান খেলুৱৈসকলে ২০০৩ চনৰ বিশ্বকাপত ঘৰুৱা খেলপথাৰত খিতাপৰ বাবে বহু চেষ্টা কৰিছিল । অৱশ্যে ইয়াতো ভাগ্যই তেওঁলোকক লগ নিদিলে আৰু গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হয় । ২০০৭ চনৰ বিশ্বকাপত তেওঁলোকৰ যাত্ৰা আছিল উত্থান-পতনেৰে ভৰা । য’ত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নেদাৰলেণ্ড আৰু স্কটলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে তেওঁলোকৰ জয় আছিল দৰ্শনীয় । কিন্তু অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে বেয়াকৈ পৰাস্ত হয় দলটো । ফলত ১ নম্বৰৰ ৰেংকিঙো হেৰুৱাব লগা হয় ।
২০১১ চনৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাই গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰে । কিন্তু কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত নাটকীয় পতনৰ সন্মুখীন হ’বলগীয়া হয় । নিউজীলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৬৪ ৰানত ৮টা উইকেট হেৰুৱাইছিল দলটোৱে । যাৰ বাবে তেওঁলোকে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।
আফ্ৰিকান অনুৰাগীসকল আশাবাদী আছিল যে ২০১৫ চনৰ বিশ্বকাপ তেওঁলোকৰ দেশলৈ যাব । কাৰণ আছিল তাৰকা খেলুৱৈৰে ভৰা এটা ডাঙৰ দল । কিন্তু নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনত আফ্ৰিকান দলটোৱে আকৌ এবাৰ চ’কাৰ বুলি প্ৰমাণ কৰিলে । ইয়াৰ লগে লগে তেওঁলোকৰ বিশ্বকাপৰ খিতাপ দখল কৰাৰ সপোন মাথোঁ এটা সপোন হৈয়েই থাকিল ।
২০১৯ চনত দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটোৱ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল, আনহাতে ২০২৩ চনত ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । য’ত অষ্ট্ৰেলিয়াৰ দলৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোক আগবাঢ়াত ব্যৰ্থ হয় ।
লগতে পঢ়ক : ইংলেণ্ড ভ্ৰমণ মাজভাগতে এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ; ICU ত ভৰ্তি মাতৃ