অমিতাভ বচ্চনে

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক; তদন্তৰ দাবী উত্থাপন

অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে।এই দুৰ্ঘটনাত ২৪১ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাৰ খবৰ পাই সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে। ইফালে অমিতাভ বচ্চনে এতিয়া অতি দুখী বুলি কৈছে আৰু প্ৰাৰ্থনা কৰিছে যে এই

অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক

এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে।এই দুৰ্ঘটনাত ২৪১ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাৰ খবৰ পাই সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে।

ইফালে অমিতাভ বচ্চনে এতিয়া অতি দুখী বুলি কৈছে আৰু প্ৰাৰ্থনা কৰিছে যে এই দুখে আমাক একত্ৰিত কৰক, যাতে যি সকলে প্ৰাণ হেৰুৱাইছে সেই সকলক আমি সন্মান কৰিব পাৰো।ইয়াৰ সমান্তৰালকৈ তেওঁ দুৰ্ঘটনাটোৰ স্বচ্ছ তদন্তৰ দাবীও উত্থাপন কৰিছে।

ব্লগৰ জৰিয়তে শোক প্ৰকাশ

শেহতীয়াকৈ অমিতাভ বচ্চনে তেওঁৰ এটা ব্লগত লিখিছে, ‘এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাত মই গভীৰভাৱে দুখী আৰু ব্যথিত।আমাৰ মানুহৰ বাহিৰেও এই দুৰ্ঘটনাত আন দেশবোৰেও নিজৰ নাগৰিক হেৰুৱাইছে, তেখেতসকলৰ প্ৰতি মোৰ পূৰ্ণ সমবেদনা আৰু সমৰ্থন’।

‘এই দুখে আমাক একত্ৰিত কৰক, যাতে আমি সকলোৱে মিলি মৃতকক শ্ৰদ্ধাঞ্জলি জনাব পাৰো তাৰ বাবে প্ৰাৰ্থনা কৰিছো’।

বিগ বিয়ে আৰু কয়, ‘এই ঘটনা সততা আৰু স্বচ্ছতাৰে তদন্ত কৰা উচিত, যাতে আমি সদায় মনত ৰাখোঁ আৰু তাৰ পৰা কিবা এটা শিকিব পাৰোঁ’।

‘আমি শক্তিশালী হ’ব লাগিব,সঠিক পদক্ষেপ ল’ব লাগিব আৰু সোনকালে শিকিব লাগিব, যাতে সকলোৱে এই দুখ দূৰ কৰাত সহায় লাভ কৰিব পাৰে’।

এই দুৰ্ঘটনাত অমিতাভ বচ্চনৰ ঘনিষ্ঠ বন্ধুৰ পুত্ৰৰো মৃত্যু হৈছে,সেই কথা জনাৰ পিছত বিগ বি আৱেগিক হৈ পৰিল। কাৰো নাম নোলোৱাকৈয়ে বিগ বিয়ে লিখিছে, ‘আজি ৰাতিপুৱাই মোক আৰু মোৰ পৰিয়ালক এটা ডাঙৰ শ্বক দিলে’।

‘আজিৰ ৰাতিপুৱাটোৱে এটা দুখৰ খবৰ লৈ আহিল। আমাৰ এজন অতি মৰমৰ বন্ধুৱে নিজৰ পুত্ৰক হেৰুৱালে।তেওঁ সৰু আছিল আৰু এই সকলোবোৰ হঠাতে ঘটিছিল’।

‘আমাৰ বন্ধু আৰু আমি যি দুখ-কষ্টৰ মাজেৰে পাৰ হৈ আহিছো সেয়া কল্পনাতীত।এনে হৈছে বুলি বিশ্বাস কৰিবলৈ বৰ টান হৈছে’।

‘ এতিয়া আমি মাত্ৰ প্ৰাৰ্থনা কৰিব লাগিব আৰু শোকত ভাগি পৰা লোকসকলক সাহস দিব লাগিব, যাতে তেওঁলোকে এই ক্ষতি সহ্য কৰিবলৈ শক্তি পায়’।

লগতে পঢ়ক: ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ