দিল্লী বিশ্ববিদ্যালয়ত মনুস্মৃতি পাঠদান কৰা নহ’ব
দিল্লী বিশ্ববিদ্যালয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি কোনো পাঠ্যক্ৰমতে আৰু পাঠদান কৰা নহয় মনুস্মৃতি।
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙে স্পষ্ট কৰি দিয়ে যে সংস্কৃত বিভাগৰ ‘ধৰ্ম শাস্ত্ৰ অধ্যয়ন’ৰ পাঠ্যক্ৰম সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে, য’ত মনুস্মৃতি প্ৰথমে পৰামৰ্শ দিয়া পঠন সামগ্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।
দিল্লী বিশ্ববিদ্যালয়ে দিলে এই তথ্য
বিশ্ববিদ্যালয় প্ৰশাসনে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে দিল্লী বিশ্ববিদ্যালয়ৰ কোনো পাঠ্যক্ৰমত মনুস্মৃতি পাঠদান কৰা নহ’ব।
সংস্কৃত বিভাগৰ ‘ধৰ্ম শাস্ত্ৰ অধ্যয়ন’ পাঠ্যক্ৰম, য’ত এই গ্ৰন্থখন পৰামৰ্শ দিয়া পঠন সামগ্ৰীত অন্তৰ্ভুক্ত কৰা হৈছিল, যি এতিয়া পাঠ্যক্ৰমৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে।
ছাত্ৰ সংগঠনসমূহে কৰিছিল প্ৰতিবাদ
এই সিদ্ধান্তটো সেই সময়ত লোৱা হৈছিল, যেতিয়া মনুস্মৃতিক বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভৰ বাবে নতুন সংস্কৃত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল। এই সন্দৰ্ভত বহু ছাত্ৰ সংগঠন আৰু শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।যাক লৈ এক বিৰ্তকৰ সৃষ্টি হৈছিল।
বিশ্ববিদ্যালয়ে কিয় ললে এই সিদ্ধান্ত?
বিতৰ্কৰ মাজতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বিক্ষোভ আৰু স্মাৰকপত্ৰৰ পিছত বিশ্ববিদ্যালয় প্ৰশাসনে পুনৰ বিবেচনা কৰে আৰু বিতৰ্কিত টেক্সট মেটেৰিয়েলটো আঁতৰোৱাৰ সিদ্ধান্ত ল’লে।
এই পদক্ষেপৰ লক্ষ্য হৈছে বিশ্ববিদ্যালয় চৌহদত এক সৰ্বাংগীন আৰু প্ৰগতিশীল শৈক্ষিক পৰিৱেশ বজাই ৰখা।
লগতে পঢ়ক: ডায়েবেটিছ ৰোগীৰ বাবে স্বাস্থ্যকৰ এই কেইবিধ তৰকাৰি; আছে বহু উপকাৰিতা