আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নাবাচিল এজনো যাত্ৰী
গুজৰাটৰ আহমেদাবাদৰ পৰা আহি আছে এক অতি দুৰ্ভাগ্যজনক খবৰ।চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ মেঘনী নগৰত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান।
বিমান খনত ক্ৰু মেম্বাৰসহ ২৪২ জন যাত্ৰী আছিল। আহমেদাবাদৰ পৰা লণ্ডলনৈ যাত্ৰী কঢ়িয়াই নিয়া বিমানখন এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান আছিল।
তাৰ মাজতে এতিয়া জানিব পৰা মতে বিমানখনত থকা আটাইকেইজন যাত্ৰীয়ে মৃত্যু হৈছে। উৰণৰ কিছু সময় পিছতেই পাইলটে গম পাইছিল যে বিমানখনত কিছু বিজুতি ঘটিছে।
যাত্ৰীসকলক বচোৱাৰ বাবে দুই পাইলটে আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু কোনোপ্ৰকাৰে এজনো লোকৰো প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে পাইলটে।
দুৰ্ঘটনাগ্ৰস্থ বিমানখন মাত্ৰ ১২ ছেকেণ্ডতে দাউ দাউ কৈ জ্বলি উঠি BJ মেডিকেল কলেজ হোষ্টেলৰ ওপৰত পৰে। যাৰ ফলত ৫ জন মেডিকেলৰ ছাত্ৰৰো মৃত্যু হয়।
বিমানখনত ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ নাগৰিক, ৭গৰাকী পৰ্তুগীজ আৰু এগৰাকী কানাডিয়ান যাত্ৰী আছিল। আহমেদাবাদৰ মেঘানীনগৰ অঞ্চলৰ সমীপৰ ধৰপুৰৰ পৰা প্ৰচণ্ড ধোঁৱা দেখা গৈছিল।
অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ সেই স্থানলৈ আহিছে আৰু জৰুৰীকালীন সহায়কাৰী দল সংগঠিত কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই কৰ্তৃপক্ষই।
লগতে পঢ়ক: ‘বাকৰুদ্ধ হৈ পৰিছো’; আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ অক্ষয় কুমাৰৰ