আহমেদাবাদত মৃত্যুৰ কিৰিলী
গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান AI-171।আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ক্ৰু মেম্বাৰ সহ প্ৰায় ২৪২ জন লোক আছিল বুলি জানিব পৰা গৈছে। বিমানখন ক্ৰেছ হোৱাৰ পিছতে ক’লা ধোঁৱাই ছানি ধৰিছিল আকাশ ।
আহমেদাবাদ বিমানবন্দৰৰ পৰা বিমানখনে উৰণৰ কিছু সময়ৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনাটো।বিমানখনত ১৬৯জন ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, ১জন কানাডাৰ আৰু ৭জন পৰ্তুগালৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে।
আৰক্ষী নিয়ন্ত্ৰণ কক্ষই এই কথা নিশ্চিত কৰিছে।তথ্য অনুসৰি এই বিমানখন লণ্ডনলৈ গৈ আছিল।বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মেঘনগৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ ডিজাইন কৰা ৪৪ হাজাৰ উৰণ চক্ৰ।অৰ্থাৎ যিয়ে ৩০ৰ পৰা ৫০ বছৰৰ সম্ভাৱ্য আয়ুসৰ ইংগিত দিয়ে।আনহাতে বেছিভাগ বাণিজ্যিক জেট বিমান ইমান দিন সেৱাত নাথাকে।
৭৮৭-৮ৰ শক্তিশালীতাই বহৰ আৰু অৱসৰৰ পৰিকল্পনাত অধিক নমনীয়তা প্ৰদান কৰে। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ১১ বছৰ পুৰণি আছিল।
বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ এখন বহল বডী , মধ্যম আকাৰ আৰু দীৰ্ঘ দূৰত্বৰ বিমান, যিয়ে ২১০-২৫০ আসনৰ সৈতে ৮৫০০ নটিকেল মাইল (৯৮০০ মাইল) পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰিব পাৰে।ইয়াক ২০% কম ইন্ধন খৰচৰ সৈতে ডিজাইন কৰা হৈছে,যিটো পৰিৱেশৰ বাবেও ভাল।
লণ্ডনলৈ যোৱা বিমানখনৰ দৈৰ্ঘ্য প্ৰায় ৭ হাজাৰ কিলোমিটাৰ।এই বিমানখন আৰামদায়ক আৰু কাৰ্যক্ষম আছিল।
আজি এয়াৰ ইণ্ডিয়া, ব্ৰিটিছ এয়াৰৱেজ, ইতিহাদ আদি কেইবাখনো বিমান সংস্থাই এই পথত ৭৮৭-৮ বিমান ব্যৱহাৰ কৰে। জানিব পৰা মতে এই পৰ্যন্ত উদ্ধাৰ ১১০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
লগতে পঢ়ক: আহমেদাবাদ বিমান দুৰ্ঘটনা : বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী !