গৰমে দহিছে দেশ
পঞ্জাৱ, হাৰিয়ানাকে ধৰি সমগ্ৰ উত্তৰ ভাৰত এতিয়া প্ৰচণ্ড গৰমৰ কবলত । উত্তৰ-পশ্চিম, মধ্য আৰু পূব ভাৰতত আকাশে জুই বৰষিছে । গৰমে দহিছে দেশ । পুৱা ৯ বজাৰ পিছত ঘৰৰ পৰা ওলাই অহাটোৱেই এতিয়া কঠিন হৈ পৰিছে । সৰ্বোচ্চ উষ্ণতা বেছিভাগ ঠাইতে ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ বিপৰীতে পশ্চিম ৰাজস্থানৰ কিছুমান ঠাইত ৪৭ ডিগ্ৰীৰ ওপৰত তাপ ৰেকৰ্ড কৰা হৈছে । কমেও চাৰিদিনলৈ গৰমৰ পৰা কোনো সকাহৰ আশা নাই । এই প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ এতিয়া সকলোৱে এজাক বৰষুণৰ বাবে আশাৰে বাট চাইছে ।
গৰমে দহিছে দেশ-
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, উত্তৰ-পশ্চিম ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ পৰিস্থিতি অব্যাহত থাকিব । ১১ আৰু ১২ জুনত পশ্চিম ৰাজস্থানত তীব্ৰ গৰমে দহিব, যাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, বিহাৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়ত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰীৰ আশে-পাশে থাকিব পাৰে । বুধবাৰে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গ্ৰীষ্মপ্ৰৱাহৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । একে সময়তে জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰ মধ্যপ্ৰদেশৰ ভৈয়ামৰ বিভিন্ন ঠাইত গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থাকিব আৰু ইয়াৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ।
ৰাজস্থানৰ বহু জিলাত পাৰাস্তম্ভ ৪৭ ডিগ্ৰীৰ ওপৰত-
আই এম ডিয়ে জনোৱা মতে, মঙলবাৰে পুৱা ৮:৩০ বজালৈকে বিগত ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ ভাৰত বিশেষকৈ পশ্চিম ৰাজস্থান তীব্ৰ উত্তাপৰ সন্মুখীন হ’বলগীয়া হৈছে । শ্ৰীগংগানগৰ, হনুনগড়, বিকানেৰৰ একাংশ অঞ্চলত পাৰাস্তম্ভ ৪৭ ডিগ্ৰী অতিক্ৰম কৰিছে । শ্ৰীগংগানগৰত একেৰাহে দ্বিতীয় দিন ৪৭ ডিগ্ৰী চেলছিয়াছ (৪৭.৪)তকৈ অধিক উষ্ণতা ৰেকৰ্ড কৰা হয় । বৰমেৰ, চুৰু, ফালোডী, জয়ছালমেৰ আৰু কোটাত ৪৫ ডিগ্ৰী অতিক্ৰম কৰিছে । হাৰিয়ানা, পঞ্জাৱ, চণ্ডীগড় আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বহু ঠাইতো প্ৰায় ৪৫ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ।
অসমত সলনি হ’ল বিদ্যালয়ৰ পাঠদানৰ সময়-
অসমতো এতিয়া তীব্ৰ গৰমে দহিছে ৰাজ্যবাসীক । উজনিৰ পৰা নামনিলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত তীব্ৰ গৰমৰ কবলত পৰিছে । যাৰ বাবে ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা । প্ৰচণ্ড গৰমৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন জিলাত আজিৰে পৰা সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় । ১৬ জুনলৈ অব্যাহত থাকিব শিক্ষা বিভাগৰ এই এই নিৰ্দেশনা । প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ চলিব পাঠদান । এম ই স্কুলত পুৱা ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ চলিব পাঠদান । লগতে বিদ্যালয়সমূহত থাকিব লাগিব পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা । পুৱা প্ৰাতঃসভা ছাঁ পৰি থকা ঠাই, প্ৰেক্ষাগৃহ অথবা শ্ৰেণীকোঠাত হ’ব লাগিব বুলিও নিৰ্দেশ দিছে বিভাগে ।
৬ বছৰৰ পাছত জম্মুত তীব্ৰ গৰম-
জম্মুৰ গৰম বতাহৰ বাবে স্বাভাৱিক জীৱন বেয়াকৈ প্ৰভাৱিত হৈছে । মঙলবাৰে একেৰাহে তৃতীয় দিন পাৰাস্তম্ভ ৪২ ডিগ্ৰীৰ ওপৰত থাকে । ৬বছৰৰ পাছত অঞ্চলটোত এনে প্ৰচণ্ড গৰম হৈছে । কাশ্মীৰৰ কোকেৰনাগ আৰু কাজিগুণ্ডতো দুবছৰৰ পাছত গৰমৰ দিন পাৰ হৈছে । ৰাজধানী শ্ৰীনগৰতো যোৱা বছৰৰ অভিলেখ ভংগ কৰিছে পাৰাস্তম্ভই । গৰম বতাহৰ বাবে ভৈয়ামৰ লগতে পাহাৰবোৰো গৰম হৈ পৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰ শ্ৰীনগৰৰ তথ্য অনুসৰি ১২ জুনলৈকে এই পৰিস্থিতি অব্যাহত থাকিব ।
লগতে পঢ়ক : প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহে দহিছে দেশ; ক্ৰমাৎ উৰ্ধগামী পাৰাস্তম্ভ, অসমতো হাহাকাৰ পৰিস্থিতি