উৎকট গৰমৰ বাবে সলনি হ’ল বিদ্যালয়ৰ সময়সূচী
শেহতীয়াকৈ নেৰানেপেৰা বৰষুণে জটিল পৰিস্থিতিৰ পিছতে বিগত তিনিদিন ধৰি উৎকট গৰম দহিছে সমগ্ৰ ৰাজ্য । উজনিৰ পৰা নামনিলৈ হোৱা প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহত বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা । উৎকট গৰমৰ বাবে দৈনন্দিন কাম-কাজ তথা বিভিন্ন কাৰ্যসূচীৰ লগতে শিক্ষাদানতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । গৰমৰ বাবে বিদ্যালয়তে কণ কণ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে । ইয়াৰ পিছতেই এতিয়া ৰাজ্যৰ সিক্ষা মন্ত্ৰীৰ আহ্বানত সময়সূচী সলনি কৰা হৈছে বিদ্যালয়সমূহৰ ।
উৎকট গৰমৰ বাবে কামৰূপ (মেট্ৰ’)ৰ জিলা আয়ুক্তৰ নিৰ্দেশৰ পিছতে গুৱাহাটীত বিদ্যালয়ৰ সময় ১১ জুন বুধবাৰৰ পৰা পুনৰ নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অঞ্চলটোত নিৰন্তৰ উষ্ণতা বৃদ্ধি পোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ মংগলৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত লৈছে প্ৰশাসনে ।
১০ জুন মঙলবাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু সহ জিলা মিছন সমন্বয়কে জাৰি কৰা নিৰ্দেশ অনুসৰি কামৰূপ মেট্ৰ’ জিলাৰ ভিতৰৰ সকলো চৰকাৰী, প্ৰাদেশিক, আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে সংশোধিত বিদ্যালয়ৰ সময় প্ৰযোজ্য হ’ব । ১৬ জুনলৈকে বলবৎ থাকিব এই সময়সূচী ।
সংশোধিত সময়ৰ অধীনত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ চলিব, আনহাতে মধ্য ইংৰাজী বিদ্যালয়সমূহ দুপৰীয়া ১২:০০ বজালৈকে চলিব । হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক দুপৰীয়া ১২:৩০ বজাৰ ভিতৰত শ্ৰেণী সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
এই আদেশত পুৱাৰ প্ৰাৰ্থনা ভিতৰত বা ছাঁ থকা ঠাইত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে । এই সংশোধিত সময়সূচীৰ সময়ছোৱাত বাহিৰৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে । বিদ্যালয়সমূহক আৰু নিৰ্দেশ দিয়া হৈছে যে বিদ্যালয়ৰ সময়ত তিনিৰ পৰা চাৰিবাৰ পানীৰ ঘণ্টা বজাব লাগে আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত খোৱাপানী উপলব্ধ হোৱাটো নিশ্চিত কৰিব লাগে ।
ইয়াৰ উপৰিও সকলো শ্ৰেণীকোঠাত যাতে ভালদৰে বায়ু চলাচল হয় আৰু কাৰ্যক্ষম ফেন থাকে তাৰ বাবেও শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে ।
উল্লেখ্য যে, গুৱাহাটীৰ বাহিৰেও যোৰহাট, ধুবুৰী, মাজুলী আদি ৰাজ্যৰ সকলো জিলাতে গৰমৰ বাবে পাঠদানৰ সময় আগুৱাই দিয়া হৈছে ।
অসহনীয় গৰমৰ বাবে বিদ্যালয়সমূহলৈ দিয়া নিৰ্দেশনা-
১. পুৱা প্ৰাতঃসভা ছাঁ পৰি থকা ঠাই, প্ৰেক্ষাগৃহ অথবা শ্ৰেণীকোঠাত হ’ব লাগিব
২. শ্ৰেণীকোঠাৰ প্ৰতিখন বেঞ্চত তিনিজনতৈক অধিক ছাত্ৰ-ছাত্ৰী বহিব নোৱাৰিব
৩. বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো শ্ৰেণীকোঠাৰ সমুখত বিশুদ্ধ খোৱাপানী ৰাখিব লাগিব
৪. শ্ৰেণীকোঠাত কাৰ্যক্ষম ফেন থাকিব লাগিব
৫. ছাত্ৰ-ছাত্ৰীসকলে ব্লেজাৰ, ৱাচকোট বা টাই পৰিধান কৰিব নালাগিব
লগতে পঢ়ক : অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ জঁপিয়ালে সপ্তম মহলাৰ পৰা; দুই সন্তানসহ পিতৃৰ মৃত্যু