ছেমিফাইনেলৰ পৰা বাহিৰ ন’ভাক জ’কভিচ
৬ জুন শুকুৰবাৰে ৰ’লেণ্ড গাৰোছত অনুষ্ঠিত হোৱা ফ্ৰেন্স অ’পেনৰ পুৰুষৰ একক ছেমিফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ যানিক চিনাৰৰ সৈতে কঠিন যুঁজ দিলে ন’ভাক জ’কভিচে।
কিন্তু তাৰ পিছটো ফ্ৰেন্স অ’পেন ২০২৫ৰ পৰা বাহিৰ হয় ন’ভাক জ’কভিচ। ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম আৰু তিনিবাৰৰ ফ্ৰেন্স অ’পেন চেম্পিয়ন ন’ভাক জ’কভিচক বিশ্বৰ এক নম্বৰ খেলুৱৈ ইটালীৰ যানিক ছিনাৰে ৪-৬, ৫-৭, ৫-৭ ত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে তেওঁ গ্ৰেণ্ড শ্লেমত একেৰাহে ২০ সংখ্যক জয় পঞ্জীয়ন কৰে।
য’ত তেওঁ ডিফেণ্ডিং চেম্পিয়ন কাৰ্লোছ আলকাৰাজৰ মুখামুখি হ’ব, এই স্পেনিছ খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত লৰেঞ্জো মুছেট্টিক পৰাস্ত কৰিছিল।
জ’কভিচে ভাবিছে নেকি অৱসৰৰ কথা?
৩ ঘণ্টা ১৬ মিনিট ধৰি চলি থকা ছেমিফাইনেলৰ এই খেলখনৰ পিছত জ’কভিচক আৱেগিক যেন লাগিছিল। কৰ্টৰ পৰা ওলাই অহাৰ আগতে, তেওঁ কিটবেগটো তলত থৈ, পেৰিছৰ মাটি স্পৰ্শ কৰে আৰু দৰ্শকৰ ফালে হাত জোকাৰে, তেওঁক সমৰ্থন কৰাৰ বাবে দৰ্শকক ধন্যবাদ দিয়ে, হয়টো এই সংকেতৰ জৰিয়তে বুজাব বিচাৰিছে যে এইখনেই ফ্ৰেঞ্চ অ’পেনত তেওঁৰ শেষৰখন মেচ হ’ব পাৰে। তেওঁৰ এই ইংগিতে অনুৰাগীসকলক আচৰিত কৰি তুলিলে।

জ’কভিচে কয় যে, ‘ইয়াত এইখনেই মোৰ শেষ হ’ব পাৰিলেহেতেন, মই নাজানো। গতিকে শেষত অলপ বেছি আৱেগিক হৈ পৰিল’।
তেওঁ লগতে কয় যে, ‘কিন্তু এইখন যদি ৰ’লেণ্ড গাৰোছত মোৰ বিদায় মেচ আছিল, তেনেহলে এইখন এখন দুৰ্দান্ত মেচ আছিল-পৰিৱেশ আৰু দৰ্শকৰ পৰা পোৱা সমৰ্থন অবিশ্বাস্য আছিল’।
‘মই খেলি থাকিব বিচাৰো নেকি? হয়, মোৰ ইচ্ছা আছে। কিন্তু ১২ মাহৰ পিছত মই উভতি আহিব পাৰিম নে? মোৰ বিশ্বাস হোৱা নাই। এতিয়া মই মাত্ৰ এইখিনিয়েই ক’ব পাৰো’।
লগতে পঢ়ক: সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ; নিয়ন্ত্ৰণ হেৰুৱাই কনভয়ত খুন্দা ট্ৰাকৰ