সৌভাগ্যক্ৰমে ৰক্ষা পৰিল তেজস্বী যাদৱ
বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱ এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ বলি হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষে পৰে।এই ঘটনা সংঘটিত হৈছিল যেতিয়া তেজস্বী যাদৱ মধেপুৰাৰ পৰা পাটনালৈ উভতি আহিছিল।
বাটত বৈশালী জিলাৰ গোৰাউলৰ সমীপত ২২ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অনিয়ন্ত্ৰিত তীব্ৰবেগী ট্ৰাকে তেওঁৰ কনভয়ত খুন্দা মাৰে ।
এই সংঘৰ্ষত কনভয়ত থকা তিনিজন নিৰাপত্তাৰক্ষী আহত হয়। নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই ঘটনাটো।
জানিব পৰা মতে, ২২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰাউলৰ সমীপত তেজস্বী যাদৱৰ কনভয় পাৰ হৈ যোৱাৰ সময়তে গভীৰ নিশা সংঘটিত হয় এই ঘটনা।
কনভয় সমূহ গৈ থকাৰ সময়তে হঠাৎ এখন তীব্ৰ বেগী ট্ৰাকে আহি কনভয় গাড়ীখনত খুন্দা মাৰে ।যাৰ ফলত তিনিজনকৈ নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয়।
তেজস্বী যাদৱে কয় যে তেওঁৰ পৰা মাত্ৰ ৫ ফুট দূৰত্বত সংঘটিত হৈছে এই দুৰ্ঘটনাটো আৰু তেওঁ গাড়ীখন অলপ আগুৱাই যোৱা হ’লে ডাঙৰ ক্ষতি হ’ল হয়।
ঘটনাৰ পিছতে সেই স্থানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।আহত নিৰাপত্তাৰক্ষীক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে তেওঁ নিজে চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ যত্ন লয়।
এই দুৰ্ঘটনাৰ পিছত চৰাই থানাৰ আৰক্ষীয়ে পলায়ন কৰা ট্ৰাকখন ধৰিছে।চালকজনক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। প্ৰাথমিক তথ্য অনুসৰি ট্ৰাকখন অনিয়ন্ত্ৰিত অৱস্থাত আছিল।
লগতে পঢ়ক: আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব নেকি ইলন মাস্ক?নতুন দলৰ ঘোষণা!