ভাৰতত নিৰ্মাণ কৰা হ’ব ৰাফেল
ভাৰতৰ মহাকাশ উদ্যোগক নতুন উচ্চতালৈ লৈ যোৱা এক বৃহৎ অংশীদাৰিত্বৰ উন্মেষ ঘটিছে। ফ্ৰান্সৰ আগশাৰীৰ প্ৰতিৰক্ষা কোম্পানী ডাছল্ট এভিয়েশন আৰু ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেডে ৰাফেল যুদ্ধ বিমান নিৰ্মাণক লৈ চাৰিটা উৎপাদন হস্তান্তৰ চুক্তি স্বাক্ষৰিত হৈছে।
ইয়াৰ অধীনত যুদ্ধ বিমানখনৰ সমগ্ৰ ফিউজেজ অৰ্থাৎ গঠন এতিয়া ভাৰততে নিজেই নিৰ্মাণ কৰা হ’ব।এই চুক্তিয়ে দেশৰ প্ৰতিৰক্ষা উৎপাদন ক্ষমতাও শক্তিশালী কৰাৰ লগতে ভাৰতক গ্ল’বেল এৰ’স্পেচ চাপ্লাইজ শৃংখলাটোত এক গুৰুত্বপূৰ্ণ কৰিব।
এই অংশীদাৰিত্বৰ অধীনত টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত অত্যাধুনিক উৎপাদন সুবিধা স্থাপন কৰিব, য’ত যুদ্ধ বিমানখনৰ প্ৰধান অংশ যেনে পিছফালৰ ফিউজেজৰ পাৰ্শ্বীয় শেল্স, পিছফালৰ সমগ্ৰ ভাগ, মাজৰ ফিউজেজ, আৰু সন্মুখৰ অংশ সমূহ নিৰ্মাণ কৰা হ’ব।
ডাছল্ট এভিয়েশনে ষ্টক এক্সচেঞ্জক দিয়া এক বিবৃতিত কয় যে, ‘এই সুবিধা ভাৰতৰ মহাকাশ আন্তঃগাঁথনিত এক বৃহৎ বিনিয়োগ আৰু উচ্চ নিখুঁত উৎপাদনৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰিব।”
২০২৮ চনৰ ভিতৰত সাজু হ’ব যুঁজাৰু বিমানৰ প্ৰথমটো গঠন
ডাছল্টৰ সৈতে হোৱা চুক্তিৰ অধীনত টাটা এডভান্সড চিষ্টেমে হায়দৰাবাদত শেহতীয়া প্ৰযুক্তিৰে সজ্জিত এটা প্লাণ্ট স্থাপন কৰিব।ৰাফেলৰ মূল গাঁথনিগত অংশসমূহ এই টাটা উদ্যোগত নিৰ্মাণ কৰা হ’ব।
সূত্ৰ অনুসৰি ২০২৮ চনৰ ভিতৰত এই উৎপাদন কাৰখানাৰ পৰা ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো গঠন সাজু হ’ব।ফ্ৰান্সৰ বাহিৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হ’ব ৰাফেলৰ গাঁথনি।
‘ভাৰতত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ ক্ষমতা বৃদ্ধি পাব’
ডাছল্ট এভিয়েশনৰ এৰিক ট্ৰেপিয়াৰে কয়, ‘ভাৰতত আমাৰ যোগান শৃংখল শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ এক নিৰ্ণায়ক পদক্ষেপ।
ভাৰতীয় মহাকাশ উদ্যোগকে ধৰি আমাৰ স্থানীয় অংশীদাৰসকলৰ সম্প্ৰসাৰণৰ বাবে ধন্যবাদ।এই যোগান শৃংখলে ৰাফেলৰ সফল ৰেম্প আপত অৰিহণা যোগাব।
ইয়াৰ ফলত ভাৰতত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ ক্ষমতা বৃদ্ধি পাব আৰু স্থানীয় অভিযন্তাসকলে বিশ্বমানৰ প্ৰযুক্তি শিকাৰ সুযোগ পাব।
এই সন্দৰ্ভত টাটা এডভান্সড চিষ্টেমছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া সুকৰণ সিঙে কয় যে, “এই চুক্তি ভাৰতৰ এয়াৰস্পেচ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ।
এই চুক্তিয়ে দেখুৱাইছে যে ভাৰতৰ প্ৰযুক্তিয়ে বিশ্বব্যাপী প্লেটফৰ্মসমূহক সমৰ্থন কৰিব পাৰে।”ইতিমধ্যে টাটা গ্ৰুপ আৰু ডাছল্টে একেলগে কাম কৰি ৰাফেল আৰু মিৰাজ ২০০০ৰ দৰে বিমানৰ বাবে উপাদান নিৰ্মাণ কৰিছে।
লগতে পঢ়ক: RCB ৰ বিজয় পেৰেডত ১১ জনৰ মৃত্যু: চৰকাৰৰ পৰা ন্যায়ালয়ে বিচাৰিলে উত্তৰ