প্ৰথম ডিজিটেল লোকপিয়ল
লোকপিয়ল ২০২৭ দেশৰ ভিতৰতে প্ৰথম ডিজিটেল লোকপিয়ল, য’ত মানুহে নিজৰ বিষয়ে তথ্য প্ৰকাশ কৰিব পাৰিব । ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত ঘৰ গণনা বা তালিকাভুক্তকৰণৰ পৰ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এয়া ১৬ বছৰৰ পিছত হ’ব দেশৰ ১৬ সংখ্যক লোকপিয়ল । ইয়াৰ পূৰ্বে দেশত ২০১১ চনত লোকপিয়ল অনুষ্ঠিত হৈছিল । ইয়াৰ বাবে ৩০ লাখৰো অধিক গণনাকাৰী আৰু তত্বাৱধায়কক লোকপিয়ল পৰিচালনাৰ প্ৰশিক্ষণ দিয়া হ’ব । দুৱাৰে দুৱাৰে গৈ তেওঁলোকে লোকপিয়ল কৰিব । সমগ্ৰ জনগণনা প্ৰক্ৰিয়াত ১৩ হাজাৰ কোটিতকৈ অধিক ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে ।
কিন্তু এই লোকপিয়লৰ সময়ত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এন পি আৰ) আপডেট কৰা হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই ।
নাগৰিকক সোধা হ’ব এই প্ৰশ্ন-
নাগৰিকসকলক তেওঁলোকৰ ঘৰত কি শস্য খায়, খোৱাপানীৰ মূল উৎস, পোহৰৰ মূল উৎস, শৌচাগাৰৰ সুবিধা, শৌচাগাৰৰ প্ৰকাৰ আৰু পেলনীয়া পানী নিষ্কাশনৰ ব্যৱস্থা কি আদি প্ৰশ্ন সোধা হ’ব । ইয়াৰ উপৰিও গা ধোৱাৰ সুবিধা, পাকঘৰ আৰু এল পি জি/পি এন জি সংযোগৰ উপলব্ধতা, ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা মূল ইন্ধন আৰু ৰেডিঅ’, ট্ৰেঞ্জিষ্টৰ আৰু টেলিভিছনৰ উপলব্ধতাৰ বিষয়েও তথ্য লোৱা হ’ব ।
জনগণনা ঘৰৰ মজিয়া, বেৰ আৰু চালৰ মূল সামগ্ৰী, জনগণনা গৃহৰ অৱস্থা, ঘৰখনত সাধাৰণতে বসবাস কৰা মুঠ ব্যক্তিৰ সংখ্যা আৰু ঘৰৰ মুৰব্বী মহিলা নে নহয় সেই বিষয়েও সোধা হ’ব ।
২০২৭ চনৰ মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশতে জাতি জনগণনা-
লোকপিয়ল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে । ২০২৭ চনৰ মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশতে জাতিগত জনগণনা কৰা হ’ব । অৱশ্যে ২০২৬ চনৰ অক্টোবৰত ইয়াৰ পাঁচ মাহ পূৰ্বে পাহাৰীয়া ৰাজ্যসমূহত জাতি জনগণনা আৰম্ভ কৰা হ’ব । গৃহ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ বাহিৰে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে বৰফ প্ৰভাৱিত ৰাজ্যসমূহত ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা জনগণনাৰ কথা বিবেচনা কৰা হ’ব ।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৩০ এপ্ৰিলত ঘোষণা কৰিছিল যে এইবাৰ ভাৰতত জনগণনা জাতিৰ ভিত্তিত কৰা হ’ব । কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত তথ্য দি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পৰৱৰ্তী জনগণনাৰ সমান্তৰালকৈ মোদী চৰকাৰে জাতিৰ ভিত্তিতো লোক গণনা কৰিব । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও বহুবাৰ জাতিগত লোক গণনা দাবী উত্থাপন হৈ আহিছে । কিন্তু চৰকাৰে এই দাবীক আওকাণ কৰি আহিছিল । কিন্তু এতিয়া তাৰিখ ঘোষণাৰ লগে লগে স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে জাতিগত জনগণনাৰ বাট প্ৰায় মুকলি হৈ পৰিছে ।
দেশত শেষবাৰৰ বাবে কেতিয়া হৈছিল জাতিগত জনগণনা ?
১৮৮১ চনৰ পৰা দেশত জনগণনা আৰম্ভ হৈছিল । প্ৰথম জনগণনাত জাতি জনগণনাৰ তথ্য প্ৰকাশ পাইছিল । ইয়াৰ পিছত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোক গণনা কৰা হৈছিল । ১৯৩১ চনলৈকে হোৱা জনগণনাত জাতিভিত্তিক তথ্যও প্ৰতিবাৰেই প্ৰকাশ পাইছিল । ১৯৪১ চনৰ লোক গণনাত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হৈছিল যদিও সেই তথ্য প্ৰকাশ কৰা হোৱা নাছিল । স্বাধীনতাৰ পিছৰ প্ৰতিটো লোকপিয়লত চৰকাৰে কেৱল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জাতিভিত্তিক তথ্য প্ৰকাশ কৰিছে । অন্য জাতিৰ জাতিভিত্তিক তথ্য ১৯৩১ চনৰ পিছত কেতিয়াও প্ৰকাশ হোৱা নাছিল ।
লগতে পঢ়ক : ২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…