ৰাহুল গান্ধী

“বাক স্বাধীনতাৰ অৰ্থ এইটো নহয় যে…”; উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ধমক

উচ্চ ন্যায়ালৰ ৰাহুল গান্ধীক ধমক ভাৰতীয় জোৱানক লৈ অপমানজনক মন্তব্য কৰা ঘটনাই এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমস্যা বৃদ্ধি কৰিছে। উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে এই গোচৰত সাংসদগৰাকীয়ে দাখিল কৰা আবেদন নাকচ হৈছে। সমান্তৰালকৈ এলাহাবাদ উচ্চ ন্যায়ালয়েও ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় জোৱানৰ বিৰুদ্ধে কৰা মন্তব্যৰ

উচ্চ ন্যায়ালৰ ৰাহুল গান্ধীক ধমক

ভাৰতীয় জোৱানক লৈ অপমানজনক মন্তব্য কৰা ঘটনাই এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমস্যা বৃদ্ধি কৰিছে। উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে এই গোচৰত সাংসদগৰাকীয়ে দাখিল কৰা আবেদন নাকচ হৈছে।

সমান্তৰালকৈ এলাহাবাদ উচ্চ ন্যায়ালয়েও ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় জোৱানৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ৰাহুলক ধমক দিয়ে। লক্ষ্ণৌৰ আদালতে জাৰি কৰা চমনৰ বিৰুদ্ধে তেওঁ এই আৱেদন দাখিল কৰিছিল।

ন্যায়ালয়ে কয় যে, ইয়াত কোনো সন্দেহ নাই যে সংবিধানৰ অনুশ্চেদ ১৯(১)(ক) ভাষণ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰে, কিন্তু ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ কাৰনে নহয়’।

ন্যায়ালয়ে লগতে কয় যে,ইয়াৰ ভিতৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক বক্তব্য দিয়াৰ স্বাধীনতা অন্তৰ্ভুক্ত নহয়।

কি হয় সমগ্ৰ ঘটনা

লোকসভাৰ বিৰোধী নেতা গৰাকীয়ে ২০২২ চনত ৰাজস্থানত এখন সংবাদমেলৰ সময়ত কোৱা হৈছিল যে চীনা সৈন্যই ‘অৰুণাচল প্ৰদেশত ভাৰতীয় সৈনিকক প্ৰহাৰ কৰি আছিল।

এই মন্তব্যৰ বাবে গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল।এই গোচৰৰ বিৰুদ্ধে ৰাহুলে আৱেদন দাখিল কৰিছিল, যিটো আদালতে নাকচ কৰিছিল।

কি কৈছিল সাংসদ গৰাকীয়ে

ৰাহুল গান্ধীয়ে ৰাজস্থানত ভাৰত জোডো যাত্ৰাৰ সময়ত কৈছিল যে, ৰাইজে ভাৰত জোড়ো যাত্ৰা, অশোক গেহলট আৰু শচীন পাইলট আদিৰ কথা সুধিব।

কিন্তু তেওঁ চীনৰ দ্বাৰা ২০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূখণ্ড দখল কৰা, ২০ ভাৰতীয় সৈনিকক প্ৰহাৰ কৰা আৰু অৰুণাচল প্ৰদেশত আমাৰ জোৱানৰ প্ৰহাৰ সম্পৰ্কে এটাও প্ৰশ্ন নকৰিব।

কিন্তু ভাৰতীয় প্ৰেছে তেওঁক এই সন্দৰ্ভত কোনো প্ৰশ্ন নকৰে।দেশবাসীয়ে এই সকলোবোৰ দেখি আছে।মানুহে নাজানে বুলি ভাও ধৰিব নালাগে।’

এই বক্তব্যৰ বাবে উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল আৰু নিম্ন আদালতে তেওঁক চমন জাৰি কৰিছিল।

লগতে পঢ়ক: বাস্তৱ জীৱনত কইনা হ’ল অভিনেত্ৰী হিনা খান;  প্ৰেমিক ৰকিৰ সৈতে গোপনে কৰালে বিয়া

শেহতীয়া প্ৰৱন্ধসমূহ