অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ আধিপত্য

অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ আধিপত্য; উজলিল ছাই সুদৰ্শন আৰু প্ৰসিদ্ধ কৃষ্ণ

গুজৰাট টাইটানছৰ আধিপত্য আই পি এল ২০২৫ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে । যদিও আৰ চি বিয়ে আই পি এলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে, তথাপিও অৰেঞ্জ কেপ আৰু

গুজৰাট টাইটানছৰ আধিপত্য

আই পি এল ২০২৫ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে । যদিও আৰ চি বিয়ে আই পি এলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে, তথাপিও অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰিছে ।

ছাই সুদৰ্শনৰ দখলত অৰেঞ্জ কেপ-

ছাই সুদৰ্শনে এই ছিজনত নিজৰ বেটিং প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰে । তেওঁ ১৫খন মেচত ১৫৬.১৭ ষ্ট্ৰাইক ৰেটত ৭৫৯ ৰান আৰু গড়ে ৫৪.২১ ৰান সংগ্ৰহ কৰে, য’ত এটা শতক আৰু ছটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে । শুভমন গীলৰ সৈতে সুদৰ্শনে বহু মেচত গুজৰাট টাইটানছক শক্তিশালী আৰম্ভণি দিয়ে । অৱশ্যে এলিমিনেটৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পৰাজয়ৰ পিছতে গুজৰাটৰ যাত্ৰাৰ অন্ত পৰে । ছাই সুদৰ্শনে এলিমিনেটৰ মেচতো ভাল প্ৰদৰ্শন কৰি ৮০ ৰান সংগ্ৰহ কৰিছিল যদিও আউট হোৱাৰ পিছত দলটো বিজয় লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় ।

কোহলীও আছিল দৌৰত-

আৰ চি বিৰ বিৰাট কোহলীও অৰেঞ্জ কেপৰ দৌৰত আছিল । ফাইনেলৰ পূৰ্বে কোহলীয়ে অৰেঞ্জ কেপ লাভ কৰাৰ সুযোগ পাইছিল যদিও সুদৰ্শনক পিছ পেলাবলৈ ব্যৱধান অধিক আছিল । চূড়ান্ত খেলখনত কোহলীয়ে ৪৩ ৰান সংগ্ৰহ কৰি এই দৌৰত পিছ পৰি ৰয় । কোহলীয়ে ১৫ টা ইনিংছত ১৪৪.৭১ ষ্ট্ৰাইক ৰেটত ৬৫৭ ৰান সংগ্ৰহ কৰি এই ছিজনত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তৃতীয় স্থান দখল কৰে । মুম্বাই ইণ্ডিয়ানছৰ সূৰ্যকুমাৰ যাদৱে অৰেঞ্জ কেপ দৌৰত ১৬খন খেলত ৭১৭ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থান দখল কৰে ।

প্ৰসিদ্ধ কৃষ্ণৰ দখলত পাৰ্পল কেপ-

পাৰ্পল কেপৰ দৌৰত আছিল আৰ চি বিৰ অষ্ট্ৰেলিয়ান বেগী বলাৰ জোছ হেজলউড । তেওঁ পাৰ্পল কেপ লাভ কৰাৰ ভাল সুযোগ পাইছিল । হেজেলউডে ১২খন মেচত ২২টা উইকেট দখল কৰে । ফাইনেলত তেওঁ মাত্ৰ এটা উইকেটহে দখল কৰিবলৈ সক্ষম হয় । ফাইনেল মেচত যদি হেজেলউডে ৫টা উইকেট দখল কৰিলেহেঁতেন তেন্তে পাৰ্পল কেপ তেওঁৰ দখলত থাকিলহেতেন । অৱশ্যে গুজৰাট টাইটানছৰ বলাৰ প্ৰসিদ্ধ কৃষ্ণই ২৫টা উইকেটৰে শীৰ্ষত থাকি পাৰ্পল কেপ লাভ কৰে ।

লগতে পঢ়ক : বিৰাট কোহলীৰ চকুত চকুপানী… চেম্পিয়ন হৈয়ে ষ্টেডিয়ামতে কান্দি উঠিল তাৰকাগৰাকী