নৱেম্বৰতে দৰা হ’ব ৰিংকু সিং
ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন ৰিংকু সিং আৰু উত্তৰ প্ৰদেশৰ মাছলিশ্বহৰ আসনৰ পৰা সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজে শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে।
দুয়োৰে আঙঠি পিন্ধোৱা পৰ্ব আহি আছে আৰু বিয়াৰ তাৰিখো ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সমাজবাদী পাৰ্টিৰ বিধায়ক তথা প্ৰিয়া সৰোজৰ পিতৃ টুফনী সৰোজে এই কথা নিশ্চিত কৰিছে।
টুফনী সৰোজে কয় যে ৰিংকু সিঙৰ পৰিয়ালৰ সৈতে কথা পতাৰ অন্তত বিয়াৰ তাৰিখৰ ওপৰত সহমতত উপনীত হৈছে।
বিয়া আৰু এংগেজমেণ্ট দুয়োটা অনুষ্ঠানেই ৰাজকীয় হোৱাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানত ৰাজনীতি, ক্ৰীড়া, চলচ্চিত্ৰ, উদ্যোগৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান। অহা ৮ জুনত লক্ষ্ণৌৰ এখন ফাইভ ষ্টাৰ হোটেলত আঙঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হ’ব
লগতে চলিত বৰ্ষৰ ১৮ নৱেম্বৰত বাৰাণসীৰ সাত তাৰকাযুক্ত তাজ হোটেলত বিবাহ পাশত আৱদ্ধ হ’ব দুয়ো। জানিব পৰা মতে পৰিয়ালৰ চিনাকিৰ জৰিয়তে প্ৰিয়া আৰু ৰিংকু সিং লগ হৈছিল। পিছত দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে সম্পৰ্কটো আগুৱাই নিয়া হয়।
চলিত বৰ্ষৰ জানুৱাৰী মাহত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীৰ সৈতে ক্ৰিকেটাৰ ৰিংকু সিঙৰ সম্পৰ্ক নিশ্চিত হৈছিল।
২৬ বছৰীয়া সৰোজে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ টিকটত মাছলিশ্বহৰ আসনৰ পৰা জয়লাভ কৰিছিল।
লগতে পঢ়ক: ‘২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম’; মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ