শ্বিফ্টত

‘দুটা শ্বিফ্টত নহ’ব পৰীক্ষা’; NEET PG 2025 পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ আদেশ

দুটা শ্বিফ্টত নহ’ব পৰীক্ষা উচ্চতম ন্যায়ালয়ে NEET PG 2025 পৰীক্ষা সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে কৈছে যে NEET PG 2025 পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰিব নালাগে। নিজৰ আদেশৰ সন্দৰ্ভত আদালতে কয় যে যদি দুটা শ্বিফ্টত পৰীক্ষা কৰা হয় তেন্তে ই বিভিন্ন মাত্ৰাৰ স্বেচ্ছাচাৰীতা

দুটা শ্বিফ্টত নহ’ব পৰীক্ষা

উচ্চতম ন্যায়ালয়ে NEET PG 2025 পৰীক্ষা সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে কৈছে যে NEET PG 2025 পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰিব নালাগে।

নিজৰ আদেশৰ সন্দৰ্ভত আদালতে কয় যে যদি দুটা শ্বিফ্টত পৰীক্ষা কৰা হয় তেন্তে ই বিভিন্ন মাত্ৰাৰ স্বেচ্ছাচাৰীতা আৰু অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

কেৱল এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডক স্পষ্টকৈ জনাইছে আদালতে।

ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে NEET PG 2025 পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই কথা প্ৰকাশ কৰে।

এই আবেদন ইউনাইটেড ডাক্তৰচ ফ্ৰণ্টে দাখিল কৰিছে।আৱেদনখনত কোৱা হৈছে যে এই পৰীক্ষা সমগ্ৰ দেশতে একক অধিবেশনত অনুষ্ঠিত কৰিব লাগে।

যোৱা শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰি উত্তৰ বিচাৰিছিল। অহা ১৫ জুনত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা।

লগতে পঢ়ক: ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই…;’অপাৰেচন সিন্দূৰক লৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ