দক্ষিণ কোৰিয়াৰ নৌসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত
বৃহস্পতিবাৰে বিয়লি দক্ষিণ কোৰিয়াৰ প’হাঙত থকা সামৰিক ঘাটিৰ সমীপত নৌসেনাৰ এখন টহলদাৰী বিমান পি-৩ দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত চাৰিজন লোক আছিল, যাৰ বিষয়ে এতিয়াও স্পষ্ট তথ্য লাভ কৰা হোৱা নাই ।
বিমানখনৰ দুৰ্ঘটনা নিশ্চিত কৰি নৌসেনাই কয় যে বৃহস্পতিবাৰে বিয়লি দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন পি-৩ । এই বিমানখন প্ৰশিক্ষণ উৰণত আছিল । ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াসকলে বিমানখন মাটিত খুন্দা মৰাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । দক্ষিণ কোৰিয়াৰ সংবাদ সংস্থা য়নহাপৰ মতে, এই দুৰ্ঘটনা স্থানীয় সময় অনুসৰি নিশা ১:৫০ বজাত সংঘটিত হৈছে ।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পোহাঙৰ সমীপৰ এটা সামৰিক ঘাটিৰ সমীপৰ পাহাৰীয়া অঞ্চলত ধোঁৱাৰ ডাৱৰ ওপৰলৈ উঠি অহা দেখিছিল । ইয়াৰ পিছত সেই স্থানলৈ যোৱাৰ সময়ত তেওঁলোকে দেখিলে যে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ।
দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে জৰুৰীকালীন উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয় । জানিব পৰা মতে, বিমানখনে মাটিত খুন্দা মৰাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে কাম কৰি আছে ।
ইফালে দক্ষিণ কোৰিয়াৰ নৌসেনাই এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । বিমান দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই । নৌসেনাই এক বিবৃতিত কয় যে তেওঁলোকে বিমানত থকা চাৰিজন লোকৰ অৱস্থাৰ মূল্যায়নৰ লগতে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ কাম কৰি আছে ।
লগতে পঢ়ক : সাধাৰণ নিৰ্বাচনৰ দাবীত বাংলাদেশৰ ৰাজপথত জনতা… অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে বাঢ়িছে অসন্তুষ্টি