খিলঞ্জীয়া

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা; ‘সংখ্যালঘু অধ্যুষিত খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ’

খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ খিলঞ্জীয়া লোকক লৈ অসম চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা স্পৰ্শকাতৰ অঞ্চলৰ লোকৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ ৰকাৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হ’ব। সন্দেহজনক নাগৰিকৰ পৰা বিপদ হোৱাৰ আশংকাত থকা অঞ্চলসমূহত দিয়া হ’ব এই অনুজ্ঞাপত্ৰ। সেই লোকসকলে বিচাৰিলেই চৰকাৰে দিব

খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ

খিলঞ্জীয়া লোকক লৈ অসম চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা স্পৰ্শকাতৰ অঞ্চলৰ লোকৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ ৰকাৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হ’ব।

সন্দেহজনক নাগৰিকৰ পৰা বিপদ হোৱাৰ আশংকাত থকা অঞ্চলসমূহত দিয়া হ’ব এই অনুজ্ঞাপত্ৰ। সেই লোকসকলে বিচাৰিলেই চৰকাৰে দিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ।

অৱশ্যে কোনো অপৰাধীক মাৰণাস্ত্ৰৰ এই অনুজ্ঞাপত্ৰ দিয়া নহয় বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। মুখ্যমন্ত্ৰী গৰাকীৰ মতে যিসকল লোক অপৰাধজনিত গোচৰত জড়িত তেওঁলোকক দিয়া নহয় অনুজ্ঞাপত্ৰ।

ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাচাৰ, মৰিগাঁও, ধিং,নগাঁও, ৰূপহীহাট আদিৰলোকে পাব মাৰণাস্ত্ৰ। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: শীঘ্ৰে X একাউণ্টৰ পৰা পঠিয়াব পাৰিব ধন; ইলন মাস্কে প্ৰৱৰ্তন কৰিলে এক্স মানি পেমেণ্ট ফিচাৰ