দলৰ পৰা বহিষ্কাৰ
ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিয়ে লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক দলৰ পৰা বহিষ্কাৰ কৰিছে। টুইটযোগে এই কথা ঘোষণা কৰে আৰজেডিৰ চুপ্ৰেমো লালু প্ৰসাদ যাদৱে।
৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেজ প্ৰতাপ যাদৱক।বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে সামাজিক মাধ্যমত লিখিছে, ‘ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক অৱহেলা কৰিলে সামাজিক ন্যায়ৰ বাবে আমাৰ সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে।
ডাঙৰ পুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বহীন আচৰণ আমাৰ পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰা অনুসৰি নহয়।

সেয়ে উপৰোক্ত পৰিস্থিতিৰ বাবে তেওঁক দল আৰু পৰিয়ালৰ পৰা আঁতৰাই ৰাখিছো।এতিয়াৰে পৰা দল আৰু পৰিয়ালত তেওঁৰ কোনো ধৰণৰ ভূমিকা নাথাকিব। ৬ বছৰৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়।
লালু প্ৰসাদ যাদৱৰ উপৰিও তেজপ্ৰতাপৰ কনিষ্ঠ ভাতৃ তেজস্বী যাদৱেও ব্যক্তিগত জীৱন সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ স্বাধীন বুলি কয়।
তেওঁ দলৰ সভাপতি লালু প্ৰসাদ যাদৱৰ এই সিদ্ধান্তৰ সমৰ্থনত থকা বুলিও কয়।তেজপ্ৰতাপৰ বিষয়ে তেওঁ কয় যে তেওঁ এজন প্ৰাপ্তবয়স্ক আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পাৰে।
শেহতীয়াকৈ তেজ প্ৰতাপ যাদৱৰ এখন ফটো তেওঁৰ ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছিল। এই ছবিখনত তেওঁক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে।
ইয়াৰ লগতে লিখা আছিল যে দুয়োৰে মাজত ১২ বছৰ ধৰি সম্পৰ্ক আছে।অৱশ্যে কিছু সময়ৰ পাছত তেজ প্ৰতাপে কয় যে তেওঁৰ একাউণ্টো হেক কৰা হৈছে আৰু এই সকলোবোৰ তেওঁৰ বদনাম কৰিবলৈ কৰা হৈছে।
লগতে তেওঁ ফটোখনক ভুৱা বুলি অভিহিত কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই ফটোখন সৃষ্টি কৰা বুলিও কয়।
এইবাৰ বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে লালুৰ পৰিয়ালৰ এই অস্থিৰতাই নিৰ্বাচনত ইছ্যু হৈ পৰিব পাৰে।এই ঘটনাই নিৰ্বাচনত ডাঙৰ প্ৰভাৱ পেলাব বুলিও অনুমান কৰা হৈছে।
লগতে পঢ়ক: আমি সন্ত্ৰাসবাদৰ নিঃশেষ কৰিবই লাগিব… ‘মন কি বাত’ত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে