মন কি বাত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১২২ সংখ্যক খণ্ডত সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হোৱা দেশবাসীক প্ৰশংসা কৰে । তেওঁ আৰু কয় যে আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব সেয়া আমাৰ সংকল্প ।
‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত, ক্ষোভেৰে ভৰা আৰু দৃঢ়প্ৰতিজ্ঞ । আজি প্ৰতিজন ভাৰতীয়ৰ সংকল্প আছে যে আমি সন্ত্ৰাসবাদৰ অন্ত পেলাবই লাগিব । বন্ধুসকল, ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত আমাৰ বাহিনীয়ে যি বীৰত্ব দেখুৱাইছে, সেই বীৰত্বই প্ৰতিজন হিন্দুস্তানীক গৌৰৱান্বিত কৰি তুলিছে । যি বিশুদ্ধতা, যি সঠিকতাৰে আমাৰ বাহিনীয়ে সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ ধ্বংস কৰিছে সেয়া আচৰিত ।”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “‘অপাৰেচন সিন্দুৰ’এ সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন আত্মবিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে । ‘অপাৰেচন সিন্দুৰ’ কেৱল সামৰিক অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তনশীল ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশখনকে দেশপ্ৰেমমূলক অনুভূতিৰে ভৰাই তুলিছে ।”
ত্ৰিৰংগা যাত্ৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-
‘মন কি বাত’তত্ৰিৰংগা যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকে নিশ্চয় দেখিছে যে দেশৰ বহু চহৰ, গাঁও আৰু সৰু চহৰত ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হৈছিল । হাতত ত্ৰিৰংগা লৈ হাজাৰ হাজাৰ লোক ওলাই আহি দেশৰ সেনাবাহিনীক প্ৰণাম, অভিনন্দন জনাইছিল । বহু চহৰত বৃহৎ সংখ্যক যুৱক-যুৱতী একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হ’ল আৰু আমি দেখিলোঁ যে চণ্ডীগড়ৰ ভিডিঅ’বোৰ ভাইৰেল হৈ পৰিল । ছ’চিয়েল মিডিয়াত কবিতা লিখা হৈছিল, সংকল্প গীত গোৱা হৈছিল । সৰু ল’ৰা-ছোৱালীয়ে এনেকুৱা ছবি আঁকিছিল য’ত ডাঙৰ ডাঙৰ বাৰ্তা লুকুই আছিল ।”
‘অপাৰেচন সিন্দুৰ’এ মানুহক গভীৰভাৱে প্ৰভাৱিত কৰিছিলঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে বিকানেৰ ভ্ৰমণৰ সময়ত শিশুৰ সৈতে হোৱা সাক্ষাৎৰ কথাও উল্লেখ কৰে । তেওঁ কয়, “মই মাত্ৰ তিনিদিন পূৰ্বে বিকানেৰলৈ গৈছিলো । তাত শিশুসকলে মোক উপহাৰ দিছিল একেধৰণৰ এখন ছবি । ‘অপাৰেচন সিন্দুৰ’এ দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংশ কৰি তুলিছে । বিহাৰৰ কাটিহাৰ, উত্তৰ প্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ছোৱাত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে ।”
লগতে পঢ়ক : ‘কোনো লক্ষ্য অসম্ভৱ নহয়…’ নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী