ৰাষ্ট্ৰসংঘ
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিশে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সশস্ত্ৰ সংঘাতত সাধাৰণ নাগৰিকৰ সুৰক্ষা সম্পৰ্কীয় মুকলি বিতৰ্কত পাকিস্তানৰ সন্ত্ৰাসবাদ প্ৰীতিক উদঙাই দিয়ে । তেওঁ পাকিস্তানক দেশখনৰ উচটনিমূলক কাৰ্য্যক বিশ্বৰ সন্মুখত উদঙাই দিয়ে আৰু প্ৰতিবেশী দেশখনক সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা কাপুৰুষালি কাৰ্য্যৰ বাবে তীব্ৰ সমালোচনা কৰে ।
কেইবাটাও বিষয়ত পাকিস্তানী প্ৰতিনিধিয়ে উত্থাপন কৰা ভিত্তিহীন আৰু অৰ্থহীন অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ স্পষ্টভাৱে কয় যে ভাৰতে দশক দশক ধৰি পাকিস্তানৰ পৃষ্ঠপোষকতাত নিজৰ সীমান্তত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ আহিছে । এনে পৰিস্থিতিত পাকিস্তানে নিজৰ নাগৰিকৰ সুৰক্ষা সম্পৰ্কীয় আলোচনাত অংশ লোৱাটো ভণ্ডামি ।
তেওঁ কয়, ‘প্ৰথমে ভাৰতে নিজৰ সীমান্তত দশক দশক ধৰি পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ আহিছে । ইয়াৰ ভিতৰত আছে মুম্বাই চহৰত ২৬/১১ৰ ভয়ানক আক্ৰমণৰ পৰা আৰম্ভ কৰি ২০২৫ চনৰ এপ্ৰিল মাহত পহলগামত নিৰীহ পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰালৈকে । পাকিস্তানী সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকল মূলতঃ সাধাৰণ নাগৰিক, কিয়নো ইয়াৰ লক্ষ্য হৈছে আমাৰ সমৃদ্ধি, আমাৰ প্ৰগতি আৰু আমাৰ মনোবলক আক্ৰমণ কৰা । এনে এখন দেশৰ বাবে আনকি নাগৰিকৰ সুৰক্ষাৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰাটো আন্তঃৰাষ্ট্ৰীয় সমাজৰ অপমান ।‘
পাকিস্তানৰ এই কাৰ্যক সমালোচনা কৰি ৰাষ্ট্ৰসংঘত হৰিশে কয়, ‘পাকিস্তানে সন্ত্ৰাসবাদৰ প্ৰচাৰৰ বাবে বাৰে বাৰে সাধাৰণ নাগৰিকক পণ্য হিচাপে ব্যৱহাৰ কৰি আহিছে । যেতিয়া ইয়াৰ ওপৰত প্ৰত্যাক্ৰমণ কৰা হয়, তেতিয়া দেশখনে এই একে নাগৰিককে ঢাল হিচাপে ব্যৱহাৰ কৰে । যি ৰাষ্ট্ৰই সন্ত্ৰাসবাদী আৰু সাধাৰণ নাগৰিকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নকৰে, সেই ৰাষ্ট্ৰৰ নাগৰিকৰ সুৰক্ষাৰ কথা কোৱাৰ কোনো অধিকাৰ নাই ।
তেওঁ শেহতীয়া এক ঘটনাৰ কথা উল্লেখ কৰে য’ত পাকিস্তানী সেনাই ইচ্ছাকৃতভাৱে ভাৰতৰ সীমান্তৱৰ্তী গাঁওসমূহত গোলাবৰ্ষণ কৰিছিল, যাৰ ফলত অসামৰিক লোকৰ মৃত্যু হৈছিল । তেওঁ কয়, ‘চলিত মাহৰ আৰম্ভণিতে পাকিস্তানী সেনাই ইচ্ছাকৃতভাৱে আমাৰ সীমান্তৱৰ্তী গাঁওসমূহত গোলাবৰ্ষণ কৰিছিল, য’ত ২০ জনতকৈ অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল আৰু ৮০ জনতকৈ অধিক লোক আহত হৈছিল ।’
তেওঁ কয়, ‘গুৰুদ্বাৰা, মন্দিৰ আৰু কনভেণ্টকে ধৰি উপাসনা স্থানৰ লগতে চিকিৎসাৰ সুবিধাসমূহো ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা হৈছিল । এনে আচৰণৰ পিছত এই অনুষ্ঠানত প্ৰচাৰ কৰাটো চূড়ান্ত ভণ্ডামি ।‘
ৰাষ্ট্ৰদূতগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সমাজে একত্ৰিত হৈ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা ৰাখিব লাগিব আৰু ইয়াৰ পৃষ্ঠপোষকতা আৰু ৰক্ষা কৰাসকলক শিপালৈকে উভালিব লাগিব ।‘
লগতে পঢ়ক : ‘দেশ আৰু জনসাধাৰণক ৰক্ষা কৰাৰ অধিকাৰ আমাৰ আছে’… অপাৰেচন সিন্দুৰ সন্দৰ্ভত জাৰ্মানীত ক’লে জয়শংকৰে