‘অপাৰেচন সিন্দুৰ’ৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে । ১০ মে’ত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে । এই ঘোষণাৰ পিছৰে পৰা বিক্ৰম মিশ্ৰীক ধাৰাবাহিকভাৱে ট্ৰ’ল কৰা হৈছে । এনে পৰিস্থিতিত এতিয়া তেওঁৰ সমৰ্থনত ওলাই আহিল বলীউডৰ অভিনেতা বিবেক অবেৰয় আৰু অনুপম খেৰ । তেওঁলোকে কয় যে বিক্ৰম মিশ্ৰী গালি-গালাজ নহয়, সন্মানৰ যোগ্য ।
অপাৰেচন সিন্দুৰৰ পিছতে ট্ৰ’ল হৈছিল বিক্ৰম মিশ্ৰী-
বিক্ৰম মিশ্ৰীয়ে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছৰে পৰা ইউজাৰে তেওঁক ছ’চিয়েল মিডিয়াত টাৰ্গেট কৰি আহিছে । কেৱল বৈদেশিক সচিবক লৈয়েই নহয়, তেওঁৰ পৰিয়ালৰ ওপৰতো আপত্তিজনক মন্তব্য কৰিছে বহু লোকে । ইয়াৰ পিছতে বৈদেশিক সচিবে নিজৰ এক্স একাউণ্ট ব্যক্তিগত কৰিছে । এতিয়া বলীউডৰ বহু অভিনেতাই তেওঁলোকৰ এক্স একাউণ্টত মিশ্ৰীৰ সমৰ্থনত টুইট কৰিছে ।
ট্ৰ’লাৰক তীব্ৰ সমালোচনা বিবেকৰ-
এটা পোষ্টটোত বিবেক অবেৰয়য়ে ট্ৰ’লসকলক তীব্ৰ সমালোচনা কৰে । অভিনেতাগৰাকীয়ে কয়, ‘ছ’চিয়েল মিডিয়াত ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি লোৱাটো সম্পূৰ্ণ নিন্দনীয় । বিশেষকৈ অপাৰেচন সিন্দুৰৰ সময়ত তেওঁৰ বিশিষ্ট সেৱা স্বীকৃতিৰ যোগ্য, এই ঘৃণনীয় দুৰ্ব্যৱহাৰ নহয় । আমি তেওঁৰ লগত থিয় দিছো । অনুগ্ৰহ কৰি এই নিৰ্যাতনমূলক আচৰণত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ।’
বৈদেশিক সচিবক সমৰ্থন কৰিলে অনুপম খেৰেও-
বিবেকৰ পিছত অনুপম খেৰেও বিক্ৰম মিশ্ৰীৰ সমৰ্থনত কয়- প্ৰিয় বিক্ৰম মিশ্ৰী, আপোনাক টিভিৰ পৰ্দাত বা ছ’চিয়েল মিডিয়াত দেখাটো আমাৰ ভাৰতীয়ৰ বাবে গৌৰৱ আৰু সকাহৰ কথা । আপোনাৰ ব্রিফিং আছিল অতি শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰা ৷ জয় হিন্দ ।’
Dear #VikramMisri ! To see you on the tv screen or on social media has a very calming effect on we Indians. Your briefings come from a place of great strength, inner confidence and a background of being who you are!! Thank you for your calm, composed and compassionate demeanour!!…
— Anupam Kher (@AnupamPKher) May 12, 2025
উল্লেখ্য যে পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল । য’ত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছিল । ইয়াৰ পিছত আতংকিত পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও ব্যৰ্থ আক্ৰমণ চলায় । তাৰ পিছত ১০ মে’ত যুদ্ধবিৰতি ঘোষণা কৰা হয় ।