অপাৰেচন সিন্দুৰঃ কোনে দিছিল এই নাম...

অপাৰেচন সিন্দুৰঃ কোনে দিছিল এই নাম… আৰু ইয়াৰ পিছতে পাকিস্তানত তচনচ হৈ পৰিল সন্ত্ৰাসবাদীৰ ঘাটি

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাই । এই অভিযানক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে, যাক প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ অনুযায়ী ৰখা হৈছিল । পহলগামত সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীয়ে পুৰুষ পৰ্যটকক লক্ষ্য কৰি লৈছিল, য’ত বহু মহিলাই নিজৰ স্বামীক

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাই । এই অভিযানক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে, যাক প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ অনুযায়ী ৰখা হৈছিল । পহলগামত সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীয়ে পুৰুষ পৰ্যটকক লক্ষ্য কৰি লৈছিল, য’ত বহু মহিলাই নিজৰ স্বামীক হেৰুৱাব লগা হয় । সেয়েহে ভাৰতে গ্ৰহণ কৰা এক্সনক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে ।

শেহতীয়াকৈ জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিহাৰত এখন নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত চৰকাৰ আৰু সশস্ত্ৰ বাহিনীয়ে নিৰন্তৰ প্ৰস্তুতি চলাইছিল । শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ধাৰাবাহিক বৈঠক চলি আছিল । তিনিওজন সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । এতিয়া যৌথ অভিযানৰ অধীনত ভাৰতৰ তিনিওট সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলাই আৰু ইয়াৰ লগে লগে পাকিস্তানৰ অহংকাৰ তচনচ হৈ পৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ মাটিৰ পৰাই কৈছিল যে এই সন্ত্ৰাসবাদী আক্ৰমণত কোনোবাই পুত্ৰক হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, কোনোবাই জীৱন সংগী হেৰুৱাইছে । কোনোৱে বাংলা কৈছিল, কোনোৱে কানাড়া, কোনো মাৰাঠী, কোনো ওড়িয়া, কোনো গুজৰাটী, কোনো বিহাৰৰ আছিল । আজি কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে সেই সকলো মানুহৰ মৃত্যুত আমাৰ দুখ, আমাৰ ক্ষোভ একেই । এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয় দেশৰ শত্ৰুপক্ষই ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ