ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে (UNDP) প্ৰকাশ কৰা ২০২৫ চনৰ মানৱ উন্নয়ন প্ৰতিবেদন (HDR)ত ভাৰতে মানৱ উন্নয়ন সূচকাংকত (HDI) ১৯৩খন দেশৰ ভিতৰত ১৩০ নম্বৰ স্থানলৈ উন্নীত হৈছে । ২০২২ চনত এই ৰেংকিং আছিল ১৩৩, যিটো এতিয়া তিনিটা স্থান বৃদ্ধি পাইছে । উল্লেখ্য যে ভাৰতৰ এইচ ডি আই স্ক’ৰ ০.৬৭৬ৰ পৰা ০.৬৮৫লৈ বৃদ্ধি পাইছে, যিটো মধ্যম মানৱ বিকাশৰ শ্ৰেণীত পৰে । আনহাতে ই উচ্চ মানৱ বিকাশৰ ওচৰত (HDI ≥ 0.700) । কিন্তু প্ৰতিবেদনত কোৱা হৈছে যে বৈষম্যই ভাৰতৰ এইচ ডি আই ৩০.৭% হ্ৰাস কৰিছে, যিটো এই ক্ষেত্ৰৰ সৰ্বাধিক ।
শিক্ষা আৰু জীৱন প্ৰত্যাশাত উন্নত প্ৰদৰ্শন-
প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতত আয়ুস ৭১.৭ বছৰৰ পৰা ৭২ বছৰলৈ বৃদ্ধি পাইছে, যিটো এতিয়ালৈকে সৰ্বাধিক । একে সময়তে গড় অধ্যয়নৰ বছৰ ৬.৫৭ৰ পৰা ৬.৮৮লৈ বৃদ্ধি পাইছে । কিন্তু স্কুলীয়া শিক্ষাৰ আনুমানিক বছৰবোৰৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই । শিক্ষাৰ উন্নতিৰ বাবে ১৯৯০ চনৰ পিছৰ নীতি যেনে শিক্ষাৰ অধিকাৰ, ‘সমগ্ৰ শিক্ষা অভিযান’ আৰু নতুন শিক্ষা নীতি ২০২০ৰ প্ৰশংসা কৰা হৈছে যদিও শিক্ষাৰ মানদণ্ড আৰু শিক্ষণ ফলাফল উন্নত কৰাৰ বাবে অধিক কামৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে ।
অৰ্থনৈতিক মঞ্চতো অগ্ৰগতি-
ভাৰতৰ জনমূৰি মুঠ ৰাষ্ট্ৰীয় আয় ২০২১ চনৰ ক্ৰয় শক্তি সমতাত ৮,৪৭৫.৬৮ মাৰ্কিন ডলাৰৰ পৰা ৯,০৪৬.৭৬ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে । ১৯৯০ চনৰ পৰা ভাৰতৰ এইচ ডি আই ৫৩%তকৈ অধিক বৃদ্ধি পাইছে, যিটো বিশ্ব আৰু দক্ষিণ এছিয়াৰ গড়তকৈ অধিক দ্ৰুত । ইয়াৰ কাৰণ অর্থনৈতিক বিকাশ, সামাজিক সুৰক্ষা আঁচনি, যেনে আয়ুষ্মান ভাৰত, জননী সুৰক্ষা যোজনা, পোষণ অভিযান আৰু এমএনৰেগা, জন ধন যোজনা আৰু ডিজিটেল অন্তর্ভুক্তিৰ কাৰণ বুলি ধৰা হৈছে ৷ এতিয়ালৈকে ২০১৫-১৬ চনৰ পৰা ২০১৯-২১ চনৰ ভিতৰত ১৩.৫ কোটি ভাৰতীয় বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে ।
এ আইৰ ক্ষেত্ৰতো ভাৰতৰ আধিপত্য-
ইয়াৰ লগতে প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত এতিয়া কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰতো আগশাৰীৰ হৈ উঠিছে । দেশখনত এ আইৰ দক্ষতা সৰ্বোচ্চ আৰু ২০% ভাৰতীয় এ আই গৱেষক এতিয়া দেশত বাস কৰি আছে, যিটো ২০১৯ চনত কাৰ্যতঃ শূন্য আছিল । ভাৰতত এতিয়া কৃষি, স্বাস্থ্যকে ধৰি বহু খণ্ডত এ আই ব্যৱহাৰ কৰা হৈছে আৰু ইয়াক সকলোৰে বাবে সুলভ কৰি তোলাৰ বাবে নতুন প্ৰচেষ্টা চলোৱা হৈছে । কিন্তু ইউ এন ডি পিয়ে সকীয়াই দিছে যে বিশ্ব পৰ্যায়ত মানৱ উন্নয়নৰ অগ্ৰগতি এতিয়ালৈকে আটাইতকৈ লেহেমীয়া হৈ পৰিছে, যিটো চিন্তাৰ বিষয় ।