‘দেশখনে যি বিচাৰিছে, সেয়াই হ’ব…নিৰাপত্তাৰ দায়িত্ব মোৰ’; পাকিস্তানক হুংকাৰ ৰাজনাথ সিঙৰ

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিল্লীৰ বক্কৰৱালা আনন্দ ধাম আশ্ৰমত অনুষ্ঠিত সনাতন সাংস্কৃতিক জাগৰণ মহোৎসৱত অংশগ্ৰহণ কৰে। এই মঞ্চৰ পৰাই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পেহেলগাম আক্ৰমণৰ বিষয়ে পাকিস্তানক সকীয়াই দি কয় যে, এজন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সৈনিকৰ সৈতে মিলি দেশৰ সীমাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দায়িত্ব মোৰ আছে’।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিল্লীৰ বক্কৰৱালা আনন্দ ধাম আশ্ৰমত অনুষ্ঠিত সনাতন সাংস্কৃতিক জাগৰণ মহোৎসৱত অংশগ্ৰহণ কৰে।

এই মঞ্চৰ পৰাই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পেহেলগাম আক্ৰমণৰ বিষয়ে পাকিস্তানক সকীয়াই দি কয় যে, এজন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সৈনিকৰ সৈতে মিলি দেশৰ সীমাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দায়িত্ব মোৰ আছে’।

‘ৰাষ্ট্ৰীয় সম্পত্তিক সুৰক্ষা দিয়াৰ দায়িত্ব সকলোৰে আছে। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত আপোনালোকে যি বিচাৰে সেয়াই হ’ব’।

তেওঁ লগতে কয় যে, ‘দেশৰ ওপৰত চকু দিয়া সকলক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সকলোৱে ভালদৰে জানে’।

‘প্ৰধানমন্ত্ৰী গৰাকীয়ে শত্ৰুক কিদৰে উত্তৰ দিব লাগে সেই কথা ভালদৰে জানে। দেশে যি বিচাৰিছে সেয়াই হ’ব’। দেশবাসীক একপ্ৰকাৰৰ আশ্বাস প্ৰদান কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।