বাংলাদেশ আদালতৰ ডাঙৰ সিদ্ধান্ত; ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাসে লাভ কৰিলে জামিন

বাংলাদেশৰ উচ্চ ন্যায়ালয়ে আজি দেশদ্ৰোহৰ গোচৰত ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাসক জামিন মঞ্জুৰ কৰে।বাংলাদেশত দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইস্কনৰ সাধু চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক। দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ ছমাহৰ পাছত বুধবাৰে বাংলাদেশৰ উচ্চ ন্যায়ালয়ে ইস্কনৰ প্ৰাক্তন পুৰোহিত চিন্ময় কৃষ্ণ দাসক জামিন মঞ্জুৰ কৰে। ক্ষমতা

বাংলাদেশৰ উচ্চ ন্যায়ালয়ে আজি দেশদ্ৰোহৰ গোচৰত ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাসক জামিন মঞ্জুৰ কৰে।বাংলাদেশত দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইস্কনৰ সাধু চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক।

দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ ছমাহৰ পাছত বুধবাৰে বাংলাদেশৰ উচ্চ ন্যায়ালয়ে ইস্কনৰ প্ৰাক্তন পুৰোহিত চিন্ময় কৃষ্ণ দাসক জামিন মঞ্জুৰ কৰে।

ক্ষমতা পৰিবৰ্তনৰ পিছৰে পৰা তাত সংখ্যালঘু হিন্দুসকলৰ ওপৰত সংঘটিত হিংসাৰ বিৰুদ্ধে চিন্ময়ে এক কণ্ঠস্বৰ হিচাপে ওলাই আহিছিল।

চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ অনুগামীসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছিল।ভাৰতে বিষয়টো সন্দৰ্ভত বাংলাদেশৰ সংখ্যালঘুসকলৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰিছিল।

চন্দন কুমাৰ ধৰ, যাক  চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী নামেৰেও পৰিচিত,সনাতন জাগৰণ মঞ্চৰ মুখপাত্ৰ আৰু চট্টগ্ৰাম ইস্কনৰ নেতা হয় তেওঁ।

ইস্কন চিটাগঙে প্ৰকাশ কৰিছে যে ৩৭ বছৰীয়া চিন্ময় কৃষ্ণৰ ঘৰ চিটাগঙৰ সাটকনিয়া মহকুমাৰ বাসিন্দা। ইস্কন চিটাগঙে প্ৰকাশ কৰিছে যে ৩৭ বছৰীয়া চিন্ময় কৃষ্ণৰ ঘৰ চিটাগঙৰ সাটকনিয়া মহকুমাৰ।

তেওঁ ধৰ্মীয় ভাষণৰ বাবে পৰিচিত। এই ভাষণবোৰৰ বাবেই তেওঁ কম বয়সতে ধৰ্ম প্ৰচাৰক হিচাপে পৰিচিত হৈছিল।ইয়াৰ বাবেই তেওঁ ‘শিশু বকটা’ উপনামো পাইছিল।

শেহতীয়া প্ৰৱন্ধসমূহ