প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক; পেহেলগাম ঘটনাৰ সন্দৰ্ভত ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও প্রধানমন্ত্রী মোদীৰ বাসগৃহত অনুষ্ঠিত হৈ থকা এই বৈঠকত অংশগ্রহণ কৰিছে৷বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে।

ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও প্রধানমন্ত্রী মোদীৰ বাসগৃহত অনুষ্ঠিত হৈ থকা এই বৈঠকত অংশগ্রহণ কৰিছে৷বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।

ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে চিডিএছ অনিল চৌহানৰ সৈতে বৈঠকত মিলিত হৈছিল।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আছে।

পাকিস্তানৰ সৈতে সিন্ধু চুক্তি সমাপ্ত কৰাৰ পৰা আৰম্ভ কৰি পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰালৈকে ভাৰত চৰকাৰে নিজৰ সিদ্ধান্তৰ জৰিয়তে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে তীব্ৰ বাৰ্তা দিছে।

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে দুবাৰকৈ জনসাধাৰণক সম্বোধন কৰিছে আৰু তেওঁ ভুক্তভোগীক ন্যায় প্ৰদানৰ কথা কৈছে।