‘প্ৰথমে নিজৰ ঘৰতে জুমি চাওঁক’; মুৰ্ছিদাবাদৰ হিংসাক লৈ জ্ঞান দিয়া বাংলাদেশক প্ৰত্যুত্তৰ ভাৰতৰ

পশ্চিম বংগত ৱাকফ আইনক লৈ হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত বাংলাদেশৰ মন্তব্যক  নাকচ কৰিছে ভাৰতে। ভাৰতে কৈছে যে এই মন্তব্য ভুৱা আৰু ইয়াৰ উদ্দেশ্য হৈছে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হৈ থকা অত্যাচাৰৰ পৰা দৃষ্টি আতৰোঁৱা। বৃহস্পতিবাৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰেছ সচিবে ভাৰতক আবেদন

পশ্চিম বংগত ৱাকফ আইনক লৈ হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত বাংলাদেশৰ মন্তব্যক  নাকচ কৰিছে ভাৰতে। ভাৰতে কৈছে যে এই মন্তব্য ভুৱা আৰু ইয়াৰ উদ্দেশ্য হৈছে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হৈ থকা অত্যাচাৰৰ পৰা দৃষ্টি আতৰোঁৱা।

বৃহস্পতিবাৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰেছ সচিবে ভাৰতক আবেদন জনাইছিল যে শেহতীয়াকৈ বংগৰ মুৰ্ছিদাবাদ জিলাত সংঘটিত হিংসাত্মক পৰিস্থিতিত মুছলমান সংখ্যালঘুসকলক সুৰক্ষা দিব লাগে।এই হিংসাত তিনিজন লোকে প্ৰাণ হেৰুৱাৰ লগতে শতাধিক লোক আহত হয়।

বাংলাদেশৰ মন্তব্য নাকচ কৰি ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, বাংলাদেশে ভাৰতক লৈ “মিছা আৰু ভিত্তিহীন” মন্তব্য কৰাৰ সলনি আমাৰ দেশত বসবাস কৰা সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ‘আমি পশ্চিম বংগৰ ঘটনা সন্দৰ্ভত বাংলাদেশে আগবঢ়োৱা আখ্যান মানি ল’বলৈ অস্বীকাৰ কৰিছো”।

“এইটো ভাৰতৰ সেই চিন্তাবোৰৰ পৰা দৃষ্টি আঁতৰ কৰাৰ চেষ্টা কৰিছে যিটো বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত হৈ থকা অত্যাচাৰক লৈ।তাত এনে অপৰাধ কৰা মানুহে মুক্তভাৱে ঘূৰি ফুৰিছে।”

তেওঁ লগতে কয় যে “অপ্ৰয়োজনীয় মন্তব্য কৰি ভালপোৱা দেখুৱাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে বাংলাদেশে নিজৰ দেশৰ সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰাত গুৰুত্ব দিব লাগে।”

শেহতীয়া প্ৰৱন্ধসমূহ