ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰিচালক অনন্ত আম্বানীৰ ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰা দেওবাৰে (৬ এপ্ৰিল) দ্বাৰকাধীশ মন্দিৰত উপস্থিত হৈ সামৰণি পৰে।অনন্তই ৩০ বছৰীয়া জন্মদিনত ভগৱান দ্বাৰকাধীশক সেৱা জনায় ।
মাতৃ নীতা আম্বানী আৰু পত্নী ৰাধিকা মাৰ্চেণ্টেও ভ্ৰমণৰ সামৰণিত তেওঁৰ সৈতে যোগ দিয়ে। অনন্ত আম্বানীৰ এই ধৰ্মীয় যাত্ৰা ২৯ মাৰ্চৰ দিনা জামনগৰৰ পৰা আৰম্ভ হৈছিল।
অনন্ত আম্বানীয়ে এই ভ্ৰমণক ব্যক্তিগত আৰু আধ্যাত্মিক যাত্ৰা বুলি অভিহিত কৰে। তেওঁ কয় যে এই যাত্ৰা বিশ্বাস, ভক্তি আৰু আশীৰ্বাদেৰে ভৰা।দ্বাৰকাধীশত প্ৰাৰ্থনা কৰাৰ অন্তত তেওঁ সকলোকে ৰাম নৱমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
অনন্তই কয়, ‘এয়া মোৰ নিজৰ ধৰ্মীয় যাত্ৰা। ভগৱানৰ নাম লৈ যাত্ৰা আৰম্ভ হৈছিল আৰু ভগৱানৰ নাম লৈ যাত্ৰা সম্পূৰ্ণ হৈছিল।
ভগৱান শ্ৰী দ্বাৰকাধিছে আমাৰ প্ৰতি অতি দয়া কৰিছে। ইয়াৰ বাবে মই ভগৱান শ্ৰী দ্বাৰকাধীশক বহুত বহুত ধন্যবাদ জনাইছো।
অনন্ত আম্বানীয়ে ক’লে, ‘আজি মোৰ পত্নী আৰু মাও আহিছে। দেউতাইও মোক সদায় সহায় কৰিছিল।এই যাত্ৰাৰ বাবেও তেওঁ মোক শক্তি দিছিল।
অনন্তৰ পত্নী ৰাধিকা মাৰ্চেণ্টে কয় যে অনন্তই তেওঁলোকৰ বিয়াৰ পিছত ট্ৰেকত যাব বিচাৰিছিল। আজি তেওঁৰ ৩০ বছৰীয়া জন্মদিন।
আমি গৌৰৱান্বিত যে আজি আমি ইয়াত অনন্তৰ জন্মদিন উদযাপন কৰিছো। অনন্তক তেওঁৰ পদযাত্ৰা সফল কৰি তোলাৰ বাবে আশীৰ্বাদ দিয়া সেই সকলোকে ধন্যবাদ জনাইছো।