বিমষ্টেকত মহম্মদ ইউনুছক প্ৰত্যুত্তৰ এছ জয়শংকৰৰ...

‘বংগোপসাগৰত ভাৰতৰ আটাইতকৈ দীঘল উপকূল আছে…’ বিমষ্টেকত মহম্মদ ইউনুছক প্ৰত্যুত্তৰ এছ জয়শংকৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান বিমষ্টেকত অংশগ্ৰহণৰ বাবে থাইলেণ্ডত আছে । এই সময়ত জয়শংকৰে দেশখনৰ ৰাজধানী বেংককত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে উত্তৰ-পূবক ভাৰতৰ সৈতে সংযোগ কৰা ‘চিকেন নেক’ক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে আৰু নিজকে এই অঞ্চলৰ সাগৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান বিমষ্টেকত অংশগ্ৰহণৰ বাবে থাইলেণ্ডত আছে । এই সময়ত জয়শংকৰে দেশখনৰ ৰাজধানী বেংককত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে উত্তৰ-পূবক ভাৰতৰ সৈতে সংযোগ কৰা ‘চিকেন নেক’ক লৈ কৰা  মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে আৰু নিজকে এই অঞ্চলৰ সাগৰৰ একমাত্ৰ ৰক্ষক বুলি অভিহিত কৰে ।

জয়শংকৰে বাংলাদেশৰ মহম্মদ ইউনুছক সমালোচনা কৰি কয় যে বহুখণ্ডীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বিমষ্টেক সন্দৰ্ভত ভাৰতে নিজৰ দায়িত্বৰ বিষয়ে অৱগত । বংগোপসাগৰতো ভাৰতৰ প্ৰায় ৬৫০০ কিলোমিটাৰ বিস্তৃত আটাইতকৈ দীঘল উপকূল আছে ।

তেওঁ কয় যে বংগোপসাগৰত আমাৰ প্ৰায় ৬৫০০ কিলোমিটাৰ দীঘল উপকূল আছে । আমাৰ উত্তৰ-পূব অঞ্চলটো পথ, ৰে’লৱে, জলপথ, গ্ৰীড আৰু পাইপলাইনৰ নেটৱৰ্কেৰে বিমষ্টেকৰ বাবে সংযোগ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । লগতে, ত্ৰিপাক্ষিক ঘাইপথ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ উত্তৰ-পূবক প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰা হ’ব, যিটো প্ৰকৃত গেম-চেঞ্জাৰ । আমি সচেতন যে এই বৃহৎ ভূখণ্ড সামগ্ৰী, সেৱা আৰু মানুহৰ মসৃণ প্ৰবাহৰ বাবে আমাৰ সহযোগিতা আৰু সুবিধা এক অপৰিহাৰ্য চৰ্ত । এই ভূ-কৌশলগত কাৰকটো মনত ৰাখি আমি যোৱা দশকত বিমষ্টেকক শক্তিশালী কৰাৰ বাবে বৰ্ধিত শক্তি আৰু মনোযোগ নিয়োগ কৰিছো ।

মহম্মদ ইউনুছে কি কৈছিল ?

শেহতীয়াকৈ চীন ভ্ৰমণ কৰা বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীনৰ মাটিত কৈছিল যে এই অঞ্চলৰ সাগৰৰ একমাত্ৰ ৰক্ষক ঢাকা । চীনক নিজৰ দেশত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সময়তে ইউনুছে ভাৰতৰ সীমাবদ্ধতা তালিকাভুক্ত কৰি চীনক বাংলাদেশত ব্যৱসায়ৰ বৃহৎ সুযোগ আছে বুলি কৈ প্ৰলোভিত কৰা বুলি জানিব পৰা গৈছে ।

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কথা উল্লেখ কৰি মহম্মদ ইউনুছে কৈছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সাত ভনী বুলি কোৱা হয় । উত্তৰ পূৱ ভাৰতৰ স্থলপথ আৱদ্ধ দেশ, ভূ-অৱচ্ছিন্ন অঞ্চল । সাগৰেৰে এই অঞ্চলত উপনীত হোৱাৰ কোনো বাট নাই । এই সমগ্ৰ অঞ্চলতে বাংলাদেশ হৈছে সাগৰৰ একমাত্ৰ ৰক্ষক ।

শেহতীয়া প্ৰৱন্ধসমূহ