গৰমৰ দিন অহাৰ লগে লগে গছ-গছনিবোৰ প্ৰাণ পাই উঠে । প্ৰায়ে শীতকালত উদ্ভিদৰ বৃদ্ধি বন্ধ হৈ যায় যদিও বসন্ত কালত গছ-গছনি আৰু ফুল ফুলিবলৈ আৰম্ভ কৰে।
প্ৰতিজন লোকেই নিজৰ ঘৰখন ধুনীয়া আৰু আকৰ্ষণীয় কৰি তুলিবলৈ ঘৰৰ ভিতৰত গছ-গছনি ৰোপণ কৰে। ইয়াৰ ফলত ঘৰখন ধুনীয়া দেখা যায় আৰু গৰমটো সকাহ পায়।
ঘৰৰ ভিতৰৰ এই গছবোৰে ঘৰৰ বতাহ বিশুদ্ধ কৰে। এই ইণ্ডোৰ প্লাণ্টবোৰ বহা কোঠা, পাকঘৰ বা শোৱা কোঠাৰ যিকোনো ঠাইতে ৰাখিব পাৰি। অতি কম ৰক্ষণাবেক্ষণেৰে এই গছবোৰৰ যত্ন ল’ব পাৰি।
গ্ৰীষ্মকালৰ বাবে ঘৰৰ ভিতৰত ৰাখিব পৰা গছ
মানী প্লাণ্ট-মানি প্লাণ্ট গৰমৰ দিনত বৰ ধুনীয়া দেখা যায়। মানী প্লাণ্ট ৰোপণ কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি আহে। মানী প্লাণ্টৰ ধুনীয়া সেউজীয়া পাতবোৰে ঘৰখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।
মানী প্লাণ্ট কোনো পাত্ৰত বা কাঁচৰ বটলত পানীত ভৰাইও ৰোপণ কৰিব পাৰে। ডাইনিং টেবুলত সৰু মানী প্লাণ্ট এজোপা ৰাখিব পাৰে।
পিচ লিলী- পিচ লিলি গৰম দিনৰ বাবে ভাল গছ। ইয়াক ঘৰৰ ভিতৰত ৰোপণ কৰিব পাৰি। পিচ লিলিক পাতল সূৰ্য্যৰ পোহৰ আৰু কম পানীৰ প্ৰয়োজন।
খিৰিকীৰ ওচৰত বা ভালদৰে পোহৰাই ৰখা ঠাইত ৰাখিব পাৰে। যদি আপুনি ইয়াক ঘৰৰ ভিতৰত ৰাখিছে তেন্তে প্ৰতি ২-৪ দিনৰ মূৰে মূৰে সূৰ্যৰ পোহৰত ৰাখিব লাগে।
স্নেক প্লাণ্ট- কোঠাৰ ভিতৰত বা ঘৰৰ যিকোনো চুকত স্নেক প্লাণ্ট ৰাখিব পাৰে। স্নেক প্লাণ্টে বায়ু বিশুদ্ধকৰণ হিচাপে কাম কৰে।
ইয়াৰ ফলত ঘৰৰ বায়ু বিশুদ্ধ হয় আৰু বতাহত থকা ক্ষতিকাৰক উপাদানসমূহ কমি যায়। স্নেক প্লাণ্ট অতি কম ৰক্ষণাবেক্ষণৰ উদ্ভিদ আৰু ইয়াৰ বাবে কম পানীৰ প্ৰয়োজন হয়।
বাঁহ গছ- বজাৰত বহু জাতৰ বাঁহ গছ পোৱা যায়। ঘৰতে নিজৰ পছন্দৰ যিকোনো গছ ৰোপণ কৰিব পাৰে। বাঁহ গছ ঘৰৰ ভিতৰত সহজে খেতি কৰিব পাৰি।কেতিয়াবা সূৰ্যৰ পোহৰত ৰাখিব পাৰে। টেবুলত থ’বলৈ সৰু সৰু বাঁহ গছ পোৱা যায়।