আই পি এলৰ বিজয়ী দলৰ ওপৰত বৰষিব কোটি কোটি টকা...

আই পি এলৰ বিজয়ী দলৰ ওপৰত বৰষিব কোটি কোটি টকা… ফাইনেলত পৰাস্ত হোৱা দলে কিমান লাভ কৰিব ?

২২ মাৰ্চ (শনিবাৰ)ৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ । ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈছে উদ্বোধনী মেচ । এই একেখন খেলপথাৰতে ২৫ মে’ত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব ।

২২ মাৰ্চ (শনিবাৰ)ৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ । ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈছে উদ্বোধনী মেচ । এই একেখন খেলপথাৰতে ২৫ মে’ত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব । আই পি এলত প্ৰতিবাৰৰ দৰে এইবাৰো খেলুৱৈৰ ওপৰত টকাৰ বৰষুণ পৰিব । প্ৰতিখন মেচৰ পিছত সৰ্বোত্তম প্ৰদৰ্শন কৰা খেলুৱৈক পুৰস্কাৰ দিয়া হ’ব ।

প্ৰতিবেদন অনুসৰি এইবাৰো আই পি এলৰ পুৰস্কাৰৰ ধন যোৱা ছিজনৰ দৰেই থাকিব । এইবাৰো চেম্পিয়ন দলটোৱে ২০ কোটি টকা লাভ কৰাৰ বিপৰীতে ফাইনেলত পৰাস্ত হোৱা দলটোৱে লাভ কৰিব ১২.৫ কোটি টকা । তৃতীয় স্থানত থকা দলটোৱে লাভ কৰিব ৭ কোটি আৰু চতুৰ্থ স্থানত অহা দলটোৱে লাভ কৰিব ৬.৫ কোটি টকা । পঞ্চম স্থানৰ পৰা দশম স্থানত থকা দলসমূহৰ বাবে পুৰস্কাৰৰ ধনৰ কোনো আনুষ্ঠানিক ব্যৱস্থা নাই । ইয়াৰ উপৰিও প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক চূড়ান্ত খেলৰ পিছত বঁটা প্ৰদান কৰা হ’ব ।

আই পি এল ২০২৫ পুৰস্কাৰৰ ধন-

– বিজয়ী দল- ২০ কোটি টকা

-ৰানাৰ্ছ আপ – ১২.৫ কোটি টকা

-তৃতীয় স্থানৰ দল – ৭ কোটি টকা

-চতুৰ্থ স্থানৰ দল – ৬.৫ কোটি টকা

-এটা ছিজনত সৰ্বাধিক উইকেট (পাৰ্পল কেপ) – ১০ লাখ টকা

-এটা ছিজনত সৰ্বাধিক ৰান (অৰেঞ্জ কেপ) – ১০ লাখ টকা

-ছিজনৰ উদীয়মান খেলুৱৈ – ১০ লাখ টকা

-ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ – ১০ লাখ টকা

-এটা ছিজনত সৰ্বাধিক ছয় – ১০ লাখ টকা

-ছিজনৰ শ্ৰেষ্ঠ কেচ – ১০ লাখ টকা

-এটা ছিজনত সৰ্বাধিক চাৰি: ১০ লাখ টকা

-পিটচ এণ্ড গ্ৰাউণ্ড এৱাৰ্ডঃ ৫০ লাখ টকা

শেহতীয়া প্ৰৱন্ধসমূহ