২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৮ সংখ্যক ছিজন । কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ । এই পৰ্যন্ত আই পি এলৰ ১৭টা ছিজনত ৮জন অধিনায়কে ট্ৰফী তুলি লোৱাৰ সুযোগ লাভ কৰিছে । ইয়াৰ ভিতৰত মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মা শীৰ্ষত আছে । দুয়োজনে সৰ্বাধিক ৫টাকৈ খিতাপ দখল কৰিছে । জানক এতিয়ালৈকে আই পি এল জয় কৰা অধিনায়কসকলৰ বিষয়ে…
মহেন্দ্ৰ সিং ধোনী-
আই পি এলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী হৈছে সৰ্বাধিক ট্ৰফী জয় কৰা খেলুৱৈ । তেওঁ ৫ বাৰ চেন্নাই ছুপাৰ কিংছক চেম্পিয়ন কৰি তুলিছে । ইয়াৰ উপৰিও তেওঁৰ দলটোৱে ৫ বাৰ ৰানাৰ্ছ আপো লাভ কৰিছে । ২০১০, ২০১১, ২০১৮, ২০২১ আৰু ২০২৩ চনত ধোনীৰ দল চেম্পিয়ন হৈছিল । তেওঁৰ অধিনায়কত্বত ২০০৮, ২০১২, ২০১৩, ২০১৫ আৰু ২০১৯ চনত চেন্নাই দলটো ফাইনেলত পৰাস্ত হৈছিল ।
ৰোহিত শৰ্মা-
মুম্বাই ইণ্ডিয়ানছৰ কিংবদন্তি ৰোহিত শৰ্মায়ো ৫টা আই পি এল খিতাপ দখল কৰিছে । ৰোহিতৰ অধিনায়কত্বত ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২৩ চনত মুম্বাই দলটোৱে খিতাপ দখল কৰিছে । এতিয়া ৰোহিতৰ ঠাইত হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক ।
গৌতম গম্ভীৰ-
ধোনী আৰু ৰোহিতৰ পিছত গৌতম গম্ভীৰ আই পি এলৰ সফল অধিনায়ক । তেওঁ দুবাৰকৈ কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰি তুলিছে । তেওঁৰ অধিনায়কত্বত ২০১২ আৰু ২০১৪ চনত দলটোৱে খিতাপ দখল কৰে ।
শ্বেন ৱাৰ্ণ-
আই পি এলৰ প্ৰথম ছিজনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক আছিল শ্বেন ৱাৰ্ণ । দুৰ্বল বুলি গণ্য কৰা ৰাজস্থান দলটোক তেওঁ ফাইনেললৈ লৈ যায় আৰু তাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয় লাভ কৰে । ইয়াৰ পিছত ৰাজস্থানে দ্বিতীয়টো খিতাপৰ বাবে অপেক্ষা কৰি আছে ।
আডাম গীলখ্ৰীষ্ট-
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন কিংবদন্তি আডাম গিলখ্ৰীষ্টেও আই পি এলৰ খিতাপ দখল কৰাৰ সুযোগ লাভ কৰিছে । ২০০৯ চনত তেওঁ ডেকান চাৰ্জাৰ্ছক চেম্পিয়ন হিচাপে গঢ়ি তুলিছিল । ফাইনেলত ডেক্কানে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল । এই দলটো ২০১২ চনত ভংগ হয় ।
ডেভিদ ৱাৰ্নাৰ-
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰে ২০১৬ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদক চেম্পিয়ন কৰি তুলিছিল । তেওঁ দলটোৰ অধিনায়ক আছিল । ফাইনেলত ছানৰাইজাৰ্ছে বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল ।
হাৰ্দিক পাণ্ডিয়া-
মুম্বাই ইণ্ডিয়ানছৰ পৰা ২০২২ চনত গুজৰাট টাইটানছ দলত যোগদান কৰিছিল হাৰ্দিক পাণ্ডিয়াই । এই ছিজনত গুজৰাটৰ লগতে লক্ষ্ণৌ ছুপাৰ জায়েন্টেও প্ৰথমবাৰৰ বাবে আই পি এল খেলাৰ সুযোগ লাভ কৰে । হাৰ্দিকে গুজৰাট টাইটানছক প্ৰথম ছিজনতে চেম্পিয়ন কৰি তুলিছিল । তেওঁৰ অধিনায়কত্বত ২০২৩ চনত গুজৰাটে ফাইনেলতো প্ৰৱেশ কৰিছিল যদিও চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ২০২৩ চনৰ শেষৰ ফালে গুজৰাট এৰি হাৰ্দিকে মুম্বাই ইণ্ডিয়ানছ দললৈ উভতি আহে । তেওঁ এতিয়া মুম্বাইৰ অধিনায়ক ।
শ্ৰেয়াছ আয়াৰ-
ভাৰতৰ তাৰকা খেলুৱৈ শ্ৰেয়াছ আয়াৰে ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰি তুলিছিল । প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰাৰ সুযোগ লাভ কৰে তেওঁ । ফাইনেলত কলকাতাই ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে । এতিয়া পঞ্জাৱ কিংছ দলত যোগদান কৰিছে আয়াৰে ।